Classifieds
View All
গুৱাহাটী, ১৯ জানুৱাৰী: বর্ডাৰ গাভাস্কাৰ ট্ৰফীত ভাৰতীয় দলে অষ্ট্ৰেলিয়া দলক ২-১ৰ ব্যৱধানত পৰাজিত কৰি শৃংখলা জয় কৰে ৷ ৪র্থ টেষ্টৰ ৫ম দিন অৰ্থাৎ অন্তিম দিনৰ আৰম্ভণিতে ৰোহিত শর্মা ব্যক্তিগত ৭ ৰানত দলৰ ১৮ৰানৰ স্কৰত আউট হোৱাৰ পিছত নৱাগত শুভমন গিল ৯১ ৰান, পূজাৰা ৮৫ৰানে দলক চম্ভালি লয় ৷ শুভমন গিল আউট হোৱাৰ পিছত পূজাৰাই আজিংক্য ৰাহানেৰ সৈতে মিলি দলক চম্ভালি লোৱাৰ চেষ্টা কৰে যদিও ৰাহানে দলৰ ১৬৭ৰানৰ ব্যক্তিগত ২৪ৰানত আউট হয় ৷ ইয়াৰ পিছত চেতেস্বৰ পূজাৰা আৰু ঋষভ পন্তে দলক পুনৰ এবাৰ সম্ভালি লয় . দলৰ ২২৮ ৰানত পূজাৰা আউট হোৱা পিছত ঋষভ পন্তে প্ৰথমে মায়ংক আগৰৱালা (৯ৰান), ৱাশিংটন সুন্দৰ (২২ৰান) আৰু ঠাকুৰ (২ৰানৰ) সৈতে মিলি দলক জয়ৰ লক্ষ্যত থিয় কৰাই ৷ পন্তে ৮৯ৰানৰ ইনিংছ খেলে ৷
এই জয়ৰ পিছত ভাৰতে বর্ডাৰ গাভাস্কাৰ ট্ৰফী ২-১ৰ ব্যৱধানত বিজয়ী কৰে ৷
Comments