গুৱাহাটী, ১৯ জানুৱাৰী: ক্ৰিকেটৰ ভগৱান খ্যাত শচীন টেণ্ডুলকাৰে ভাৰতীয় ক্ৰিকেট দলৰ বর্ডাৰ গাভাস্কাৰ ট্ৰফীৰ গাবাত অনুষ্ঠিত হোৱা ৪র্থ তথা অন্তিমখন টেষ্টত বিজয় সম্পৰ্কে প্ৰশংসা কৰি কয় – “ভাৰত তথা বিশ্বত থকা সকলোৰে বাবে, যদিহে তোমালোকে কেতিয়াবা ৩৬বা ৩৬কৈ কম নম্বৰ জীৱনত পাইছা তেতিয়া তোমাৰ বাবে পৃথিৱীখন শেষ হৈ নপৰে ৷তোমাক এইবাবেই পিছলৈ থেলে যাতে তুমি আগবাঢ়ি যাব পাৰা৷ আৰু যেতিয়া তুমি জীৱনত সফলতা পাবা তেতিয়া যিসকলে তোমাক সেইসময়ত সাহস দিছিল যেতিয়া পৃথিৱীৰ বহুতেই তোমাৰ ওপৰত আশা এৰি দিছিল তেওঁলোকৰ সৈতে উদযাপন কৰিবলৈ নাপাহৰিবা ৷”
উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত ভাৰতীয় দল ২য় ইনিংছত লজ্জাজনক ভাৱে ৩৬ৰানত অল আউট হৈছিল ৷ তাৰ পিছত সকলোৱে আশংকা কৰিছিল যে ভাৰতীয় দলে এই শৃংখলাত খুব বেয়াকৈয়ে পৰাজিত হ’ব ৷ কিন্তু সকলোকে ভুল প্ৰমাণিত কৰি ভাৰতীয় দলে ঐতিহাসিকভাৱে শৃংখলা বিজয় কৰিলে ৷
Comments