মঙলদৈ, ১৯ জানুৱাৰীঃ অসম শক্তি বিতৰণ কোম্পানীয়ে বিদ্যুৎ গ্ৰাহক আৰু কোম্পানীৰ বিষয়া কৰ্মচাৰীসকলৰ মাজত থকা মানসিক দুৰত্ব হ্ৰাস কৰি গ্ৰাহকক উপযুক্ত মৰ্যাদা প্ৰদানৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে নিয়মীয়াকৈ সম্পৰ্ক বজাই চলিবলৈ এতিয়াৰ পৰা প্ৰয়াস গ্ৰহণ কৰা বুলি। অসম শক্তি বিতৰণ কোম্পানীৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ৰ গ্ৰাহক পৰিক্ৰমা, সুৰক্ষা, আৰু বিপণন বিভাগৰ মুখ্য মহা প্ৰবন্ধক অভিজিত শৰ্মা বৰুৱাই মঙলদৈ বিদ্যুত চক্ৰৰ কাৰ্যালয়ৰ সভাকক্ষত মঙলবাৰে বিয়লি এখন সংবাদমেল সম্বোধন কৰি মুখ্য মহা প্ৰবন্ধক শৰ্মা বৰুৱাই আৰু কয়, "গ্ৰাহকৰ লগত সু-সম্পৰ্ক ৰক্ষা কৰিব লাগিব, তেতিয়াহে আমি গ্ৰাহক ৰাইজৰ মৰম বুতলিবলৈ সক্ষম হম৷ গ্ৰাহকৰ প্ৰতি আমি সদায় দায়বদ্ধ। এটা কোম্পানী অথবা এখন দোকানলৈ গলে কোম্পানী বা দোকানৰ মালিকে যেনেদৰে গ্ৰাহক হিচাপে ভদ্ৰ আচৰণ কৰি চাহ মিঠাই খুৱাই গ্ৰাহকৰ আদৰ পাবলৈ সক্ষম হয় ঠিক তেনেকে আমাৰ বিষয়া কৰ্মচাৰীসকলেও এনে আচৰণৰ জৰিয়তে গ্ৰাহক ৰাইজৰ আদৰ পাবলৈ সক্ষম হব৷
' গ্ৰাহকৰ পৰা মানসিক ভাবে আতৰি যোৱা এটি অনুষ্ঠানক পুনৰ গ্ৰাহকৰ মাজলৈ আনিবলৈ দুমাহৰ ব্যৱধানত এখন সংবাদমেল আয়োজন কৰিব বুলি কৈ সাংবাদিকসকলক এই ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনায়৷" । মুখ্য মহা প্ৰবন্ধক গৰাকীয়ে প্ৰসংগ ক্ৰমে গ্ৰাহকৰ ওজৰ আপত্তি তাৎক্ষণিক নিষ্পত্তিৰ বাবে কেন্দ্ৰীয় ভাবে নিয়ন্ত্ৰণ হোৱা টল ফ্ৰী নম্বৰ ১৯১২ আৰু গ্ৰাহক সম্পৰ্কৰক্ষী আন শেহতীয়া পদক্ষেপ সমূহৰ বিষয়ে সদৰী কৰে ।সংবাদ মেল সম্বোধন কৰি মঙলদৈ বিদ্যুত চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়া চন্দন বৰাই মঙলদৈ বিদ্যুৎ চক্ৰৰ শেহতীয়া বিদ্যুত পৰিস্থিতি, বিভিন্ন আঁচনি, সাম্প্ৰতিক সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বান আদিৰ সম্পৰ্কে বিতং বাখ্যা আগবঢ়ায়৷ সাম্প্ৰতিক সময়ত বিভাগীয় কৰ্মচাৰী, বিষয়া পৰ্যাপ্ত নোহোৱা আৰু বিদ্যুত বিতৰণৰ পৰিসৰ বহুল হোৱা বাবে কিছু ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বুলিও বৰাই জানিবলৈ দিয়ে৷ তাৰোপৰি বহু সময়ত জনসাধাৰণে বিদ্যুৎ কৰ্মীক দুৰ্ব্যৱহাৰ তথা শাৰিৰীক নিৰ্যাতন কৰা ঘটনাও ঘটিছে বুলিও অবগত কৰে আৰু এনে কাৰ্যৰ বাবে বিদ্যুৎ কৰ্মীৰ মনোবল হ্ৰাস পোৱা তথা কাৰ্যত বিলম্ব হোৱাৰ বিষয়েও আক্ষেপ প্ৰকাশ কৰে৷ ইপিনে সাংবাদিকে পথৰ মাজৰ পৰা বিদ্যুত খুটা আতৰাই নিদিয়া বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বৰাই কয় য়ে পথসমূহ বহল হলে কেতিয়াবা পূৰ্বতে পথৰ দাঁতিত থকা খুটা পথৰ মাজ মজিয়া পায়৷ এই ক্ষেত্ৰত গড়কাপ্তানি বিভাগক জগৰীয়া কৰি বৰাই কয় য়ে নিয়ম অনুসৰি পথ বহল হলে গড়কাপ্তানি বিভাগে নিজৰ আঁচনিত বিদ্যুত খুটা আতৰাই নিয়াৰ কাৰণে ধন ৰাখি বিদ্যুত বিভাগক আদায় দিলেহে বিভাগে পথৰ মাজৰ পৰা খুটা আতৰাই দিব পাৰে৷ এই প্ৰসঙ্গতে উল্লেখ কৰিব পাৰি যে মঙলদৈ বিদ্যুত চক্ৰৰ অধীনত মঙলদৈ আৰু ওদালগুৰি সংমণ্ডলক সামৰি ৩৫২৩৪১ গ্ৰাহকে বিদ্যুত সেৱা লাভ কৰি আহিছে৷ তাৰ ভিতৰত ঘৰুৱা গ্ৰহক ২৫৩৯৮৪ ৷
সংবাদমেলত দৰং আৰু ওদালগুৰিৰ লগতে সমগ্ৰ অসমতেই কেইবাটাও আঁচনিৰ কাম কৰা হৈছে বুলি দাবী কৰে৷ তাৰ ভিতৰত সৌভাগ্য আঁচনি, দীন দয়াল উপাধ্যায় গ্ৰাম জ্যোতি আঁচনি, গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনি, উদয় আঁচনি, সুদ ৰেহায় আঁচনি আদি উল্লেখযোগ্য৷ সংবাদমেলত অসম শক্তি বিতৰণ কোম্পানীৰ সুৰক্ষা বিভাগৰ মহা প্ৰবন্ধক মৃদুল কলিতা, মঙলদৈ বিদ্যুৎ সংমণ্ডলৰ উপ মহা প্ৰৱন্ধক প্ৰাঞ্জল কটকী , গ্ৰামীন বৈদ্যুতিকৰণ বিভাগ, দৰঙৰ উপ মহা প্ৰৱন্ধক চন্দন প্ৰকাশ শৰ্মা , টি এণ্ড চি উপ মহা প্ৰৱন্ধক বিশ্বজিৎ হাজৰিকা আদি বিভাগৰ জেষ্ঠ বিষয়া সকলো উপস্থিত থাকে ।।ময়ূখ গোস্বামী , মঙলদৈ।
Comments