তালাপ,১৯ জানুৱাৰীঃ তিনিচুকীয়া জিলাৰ ছৈখোৱা বন আঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ধূলিজান-বৰগড়া গাঁৱৰ পথাৰৰ মাজত মৰি থকা গৰু ভক্ষণ কৰি ডেৰ কুৰিৰো অধিক প্ৰকৃতিৰ জামাদাৰ ৰূপে খ্যাত শগুনৰ মৃত্যু ঘটাৰ ঘটনাই অঞ্চলটোৰ ৰাইজৰ মাজত বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। শগুনৰ সংখ্যা উদ্বেগজনক ভাৱে হ্ৰাস পাই অহাৰ সময়তে ডেৰ কুৰিৰো অধিক শগুন অকাল মৃত্যুৰ বাতৰিয়ে প্ৰকৃতি প্ৰেমীৰ মাজত উদ্বিগ্নতা প্ৰকাশ পাইছে ৷ ঘটনাৰ বিবৰণি মতে কালি পূৱাৰ ভাগত তালাপ অঞ্চলৰ ধূলিজান গাঁৱৰ নিবাসী কামেশ্বৰ মৰাণৰ বাৰীত ভালে সংখ্যক শগুন মৰি থকাৰ বিষয়ে স্থানীয় সাংবাদিক খগেন মৰানে খবৰ দিয়াত এই সংবাদদাতাই ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত ওৱাইল্ডলাইফ ট্ৰাষ্ট অব ইণ্ডিয়াৰ (ডবলিও টি আই ) পশু চিকিৎসা বিষয়াক জনোৱাৰ লগতে ছৈখোৱা বন আঞ্চলিক বিষয়াৰ কাৰ্যালয়ক খবৰ দিয়া হয়।
এই খবৰৰ ভিত্তিত তিনিচুকীয়া গুইজানৰ পৰা ডবলিও টি আইৰ মবাইল ভিটেনাৰী ভান সহ পশু চিকিৎসক ডাঃ খনিন চাংমাই আৰু ছৈখোৱা আঞ্চলিক কন কৰ্মী আৰু ডাঙৰী পশু চিকিৎসালয়ৰ দল ঘটনা স্থলিত উপস্থিত হৈ ঘটনাৰ সবিশেষ বুজ লয় । পথাৰত মৰি থকা গৰু ভক্ষণ কৰিয়েই শগুন কেইটা মৃত্যু মুখত পৰা লগা বুলি সন্দেহ কৰা হৈছে। শিয়াল আদি বন্যজন্তুৰ মাংসৰ লোভত কোনো অসৎ লোকে দুষ্ট বিহ দিয়া অথবা গৰুৰ খুৰা ফটা বেমাৰ, গাৰ বিষ আদিৰ পৰা ৰক্ষা পাবৰ বাবে ব্যৱহাৰ কৰা ডাইক্লফেনাক নামৰ ঔষধ প্ৰয়োগ কৰা মৃত গৰু ভক্ষণৰ বাবেও শগুন মৃত্যু মূখত পৰিব পাৰে৷ ন-ধূলিজান যুৱ মিলন সংঘৰ সহযোগত বন বিষয়া আৰু চিকিৎসকে কালিৰ সমগ্ৰ দিনটোত এলেকাটোত মৃত অৱস্থাত তেইশটা আৰু অসুষ্ঠ অৱস্থাত তেৰটা শগুন উদ্বাৰ হয় ।
অসুস্থ শগুণ কেইটা চিকিৎসাৰ বাবে তিনিচুকীয়া লৈ যোৱা হয় ৷ অসুষ্ঠ আৰু মৃত অৱস্থালৈ চাই মৃত শগুনৰ সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনালৈ চাই আজি পুৱাৰে পৰা বন কৰ্মীয়ে গাঁওখনৰ যুৱক সকলৰ সহযোগত পুনৰ মৃত আৰু অসুষ্ঠ শগুন উদ্ধাৰ অভিযানত নামে আৰু ৭ টা মৃত আৰু ৪টা অসুস্থ শগুন উদ্ধাৰ কৰে ৷ আনহাতে সমগ্ৰ অঞ্চলটোৰ পথাৰত ছটা মৃত গৰু উদ্ধাৰ হয় যদিও তাৰে দুটা গৰুা মৃতদেহহে আংশিক ভক্ষণ কৰা অবস্থাত পোৱা হয় ৷ আজি উদ্বাৰ হোৱা ৪টা অসুষ্ঠ শগুণ উন্নত চিকিৎসাৰ বাবে লৈ যায় আৰু মৃত শগুন সমৃহা লগতে উদ্ধাৰ হোৱি গৰশৰ মৃতদেহ কেইটা চিকিৎসক,বন বিষয়া,স্থানীয় ৰাইজৰ উপস্থিতিত পুতি পেলোৱা হয় । শগুন আৰু গৰুৰ মৃত্যুৰ কাৰণ অনুসন্ধানৰ বাবে নমুনা সংগ্ৰহ কৰি ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰাৰ কথা বুলি পশু চিকিৎসক গৰাকীয়ে জানিবলৈ দিছে । শগুন মৃত্যুৰ কাৰণ সন্দৰ্ভত খৰতকীয়া তদন্তৰ লগতে কোনো দোষী ব্যক্তি চিনাক্ত হলে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিবলৈ স্থানীয় লোকে সংশ্লিষ্ট বিভাগক দাবী জনাইছে ।
Comments