গুৱাহাটী, ২১ জানুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাৰ জনসাধাৰণক ৰাজ্যিক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে ৷ উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চল অঞ্চল (পুনঃ পঞ্জীয়ণ) আইন ১৯৭১ৰ অধীনত ত্ৰিপুৰা, মণিপুৰ আৰু মেঘালয়ে ১৯৭২ চনৰ ২১ জানুৱাৰী তাৰিখে লাভ কৰিছিল পূৰ্ণাঙ্গ ৰাজ্যৰ মৰ্যদা ৷
সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী মোদীয়ে লিখে- “ৰাজ্যিক দিনত মই মেঘালয়ৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷ এই ৰাজ্যখন মৰম আৰু ভাতৃত্ববোধৰ ভাৱনাৰ বাবে জনাজাত ৷ মেঘালয়ৰ যুৱ প্ৰজন্ম সৃষ্টিশীল আৰু উদ্যোগী ৷ মই আশা কৰিছোঁ যে এই ৰাজ্যখন আহিব লগা দিন কেইটাত উন্নয়নৰ এক নতুন উচ্চতাত থিয় দিয়ে ৷”
ৰাজ্যিক দিনৰ শুভেচ্ছা জনাই মণিপুৰৰ জনসাধাৰণক উদ্দেশ্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় –“দেশৰ উন্নয়নত মণিপুৰে আগবঢ়োৱা অৱদানত ভাৰত গৌৰৱান্বিত ৷ মণিপুৰ ক্ৰীড়া আৰু নতুনত্বৰ দিশত দেশৰ পাৱাৰ হাউচ ৷ মই ৰাজ্যখনক আহিব লগা দিনকেইটাৰ দিশত শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷”
ত্ৰিপুৰাৰ জনসাধাৰণক উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে লিখে –“ত্ৰিপুৰাৰ জনসাধাৰণৰ সংস্কৃতি আৰু বৃহৎ হৃদয়ৰ যি স্বভাৱ এয়া সমগ্ৰ দেশতেই প্ৰশংসা কৰা হয় ৷ ৰাজ্যখনে বিভিন্ন দিশত প্ৰগতিৰ দিশত বিশেষ ভাৱে আগবাঢ়িছে ৷ আশা কৰো এই উদ্যম অনাগত দিনটো অব্যাহত থাকিব ৷
মেঘালয়ৰ মুখ্যমন্ত্ৰী কণার্ড চাংমাই কয়-“মেঘালয় দিৱসৰ আমি সেইসকল নেতৃত্বক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ যিসকলৰ বাবে মণিপুৰ গঠন সম্ভৱপৰ হ’ল ৷”
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙে সামাজিক মাধ্যমত কয় – “সকলো জনসাধাৰণক ৰাজ্যিক দিৱসৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ ৷ আশা কৰো আমি সকলোৱে আমাৰ ধুনীয়া ৰাজ্যখন উন্নয়ন আৰু সমৃদ্ধি লগতে শান্তিপূৰ্ণ ভাৱে জীয়াই থকাৰ দিশত কাম কৰোঁ ৷
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে সকলোকে ৰাজ্য প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে ৰাজ্যখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উন্নয়ন আৰু সমৃদ্ধিৰ নতুন এটা যুগত প্ৰৱেশ কৰিছে ৷
Comments