Classifieds
View All
গুৱাহাটী, ২১ জানুৱাৰী: ত্ৰিপুৰাৰ শিক্ষা মন্ত্ৰী ৰতনলাল নাথে বুধবাৰে ঘোষণা কৰি কয় যে ৰাজ্য চৰকাৰৰ কেবিনেটে ৰাজ্যৰ ৬ষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰী সকলোলৈ চেনিটেৰী নেপকিন বিনামূলীয়াকৈ দিয়াৰ প্ৰস্তাৱত অনুমোদন প্ৰদান কৰিছে ৷
এই নতুন আঁচনিৰ নাম হ’ব “কিশোৰী সুচিতা অভিজ্ঞান” ৷ শিক্ষামন্ত্ৰীয়ে কয় যে ৰাজ্যৰ ১,৬৮,২৫২ ছাত্ৰীক এই আঁচনিৰ অধীনত সামৰি লোৱা হ’ব আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৩,৬১,৬৩,২৪৮টকা খৰচ কৰা হ’ব ৷
Comments