গুৱাহাটী, ২১ জানুৱাৰী: লকডাউন আৰু বিভিন্ন কাৰকৰ বাবে প্ৰায় ১টা বছৰ পিছত অৱশেষত কাইলৈ ৰাজ্যৰ বিভিন্ন নাট্যমন্দিৰত মুক্তি দিয়া হ’ব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া চলচ্চিত্ৰ ‘গৰু’ ৷ জনমভূমি ডিজিটেলৰ সৈতে হোৱা টেলিফ'নিক বাৰ্তালাপত হিমাংশু প্ৰসাদ দাসে জনাই যে ‘গৰু’ চলচ্চিত্ৰখনি ৰাজ্যৰ বিভিন্ন ৮২টা নাট্যমন্দিৰত মুক্তি প্ৰদান কৰা হ’ব ৷
সামাজিক মাধ্যমত হিমাংশু প্ৰসাদ দাসে লিখে – “প্ৰথমখন অসমীয়া চিনেমা জয়মতী অসমত প্ৰথম প্ৰদৰ্শন হোৱা স্থান আছিল গুৱাহাটীৰ উজান বজাৰৰ কুমাৰ ভাস্কৰ_নাট্যমন্দিৰ ৷ তাৰিখ আছিল ১৯৩৫ চনৰ ২০ মাৰ্চ ৷ ক’ভিড ১৯ৰ বাবে হোৱা লকডাউনৰ পিছত মুক্তি পোৱা প্ৰথমখন অসমীয়া চিনেমা গৰু প্ৰদৰ্শন হোৱা স্থান উজান বজাৰৰ কুমাৰ ভাস্কৰ_নাট্যমন্দিৰ ৷”
জানিব পৰা অনুসৰি উজান বজাৰৰ কুমাৰ ভাস্কৰ_নাট্যমন্দিৰত ২২ৰ পৰা ২৬ জানুৱাৰীলৈ দিনৰ ৰাতিপুৱা ১১ বজা, দুপৰীয়া ১ আৰু ৩বজা লগতে সন্ধিয়া ৫ আৰু ৭ বজাত প্রদর্শন কৰা হ’ব গৰু ৷ ক্ৰেয়ন ট্ৰী প্ৰডাকচন বেনাৰত নিৰ্মিত ‘গৰু’ ৰ প্ৰযোজনা কৰিছে গীতা পাঠকে। হুচেইন মহম্মদ ছাহজাহানৰ একে নামৰ কাহিনীৰ আধাৰত নিৰ্মিত “গৰু” ৰ চিত্ৰনাট্য ৰচনা ছাহজাহানৰ, উদয় ভাস্কৰ পাটৰ আৰু হিমাংশু প্ৰসাদ দাসৰ। চিনেমাখনৰ চৰিত্ৰ ৰূপায়ণ কৰিছে ক্ৰমে বাহাৰুল ইছলাম, পাকিজা বেগম, প্ৰাঞ্জল শইকীয়া, সিদ্ধাৰ্থ মুখাৰ্জী, অৰুণ নাথ, কমল লোচন, লনিশ্ৰী দাস, চন্দন দাস, অসীম কৃষ্ণ বৰুৱা আৰু প্ৰণামী বৰাই।
অসমীয়া চিনেমা উদ্যোগত হিমাংশু প্ৰসাদ দাস মানেই কিছু ব্যতিক্ৰম ৷ ঠিক একেদৰে গৰু চলচ্চিত্ৰখনৰ প্ৰচাৰতো বিভিন্ন ব্যতিক্ৰমী পন্থা ব্যৱহাৰ কৰিছে হিমাংশু প্ৰসাদ দাসে ৷ ‘গৰু’ৰ প্ৰচাৰ প্ৰধানত কৰা হৈছে সামাজিক মাধ্যমত ৷
যিসকলে এই চিনেমাখনক নিজ নিজ অঞ্চলত প্ৰদৰ্শন কৰিব বিচাৰিছে তেওঁলোকে ক্ৰমে ৭০০২৫১০৯৭৬ আৰু ৭০০২২৩৮৮৯৬ নম্বৰত যোগাযোগ কৰিব পাৰে ৷
Comments