ধৰিত্রী আমাৰ আই৷ এই ধৰিত্রীয়েই আমাৰ জীৱন-জীৱিকাৰ সমল৷ ধৰাৰ বুকুতে জীৱকুলে জনম লৈ কালক্রমত ইয়াৰ বুকুত বিলীন হৈ যায়৷ সেয়েহে ভূমিৰ লগত মানুহৰ সম্পর্ক এৰাব নোৱৰা৷ ভূমিৰ আধাৰত গঢ় লৈ উঠিছে সংস্কৃতিৰ সেউজ পথাৰ৷ মানৱ সভ্যতাৰ অর্থনৈতিক পটভূমি হ’ল ভূমি৷ মানৱীয় জীৱনৰ সৈতে ওতপ্রোতভাৱে জড়িত এই গুৰুত্বপূর্ণ বিষয়টোৰ সৈতে জড়িত হৈ আছে আত্মপৰিচয় আৰু স্বাভিমান৷
মানুহৰ সামগ্রিক অধিকাৰৰ সৈতে ভূমিস্বত্ব নিবিড়ভাৱে জড়িত৷ ইয়ে নাগৰিকৰ অধিকাৰ আৰু সুৰক্ষা সুনিশ্চিত কৰে৷ হিব্রুসকলৰ এষাৰ আপ্তবাক্যত উল্লেখ আছে যে নিজৰ বুলিবলৈ এটুকুৰা ভূমিৰ গৰাকী নোহোৱা কোনো মানুহেই স্বয়ংসম্পূর্ণ হ’ব নোৱাৰে৷ ভূমিৰ অধিকাৰে জনসাধাৰণক নিজস্ব সত্তাৰে উজ্জীৱিত কৰি ৰাষ্ট্রৰ সৈতে থকা সম্পর্কক অভিন্ন কৰে৷ অসমীয়া সংস্কৃতি, সভ্যতাৰ আধাৰ হৈছে প্রকৃতি৷
কিন্তু প্রকৃতিৰ বিমল সৌৰভৰ ভেটি নির্মাণ হৈছে ভূমিৰ ওপৰত৷ এই ভূমিৰ অধিকাৰ সুৰক্ষিত নকৰাকৈ সংস্কৃতিৰ সুৰক্ষা আৰু খিলঞ্জীয়াৰ অধিকাৰ সুনিশ্চিত কৰাটো সম্ভৱ নে? এয়া এক স্বাভাৱিক প্রশ্ন৷ স্বাধীনতাৰ সাতোটা দশকৰ পাছত ৰাজ্যখনৰ লাখ লাখ খিলঞ্জীয়া লোক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছিল৷ এই অধিকাৰ ভোগ নকৰা মানুহবোৰে বিকাশৰ সামগ্রিক ধাৰাৰ সৈতে নিজকে আগুৱাই নিব পৰা নাছিল৷ আনকি পূর্বতে ভূমিৰ ম্যাদী কৰাৰ বাবে জনসাধাৰণে যথেষ্ট জটিল প্রক্রিয়া আৰু দীর্ঘসময় ধৰি অফিচ-কাছাৰীত তাঁত-বাতি কাঢ়িবলগীয়া হৈছিল৷
ইয়াৰ ফলত ভূমিহীন খিলঞ্জীয়া লোকসকলে সুদীর্ঘ দিন ধৰি অনিশ্চয়তাৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছিল৷ এই বিষয়টোৱে তেওঁলোকৰ মানসিক সন্তুলনক প্রভাৱিত কৰি অহা বাবে ৰাজ্যখনৰ মানৱ সম্পদৰ বিকাশৰ ক্ষেত্রতো অন্তৰায়ৰ সৃষ্টি কৰিছিল৷ স্বাধীনতাৰ পাছত বহু চৰকাৰ আহিল আৰু গ’ল৷ ৰাজ্যখনৰ লাখ লাখ খিলঞ্জীয়াৰ ভৱিষ্যতৰ লগত সম্পর্কিত গুৰুত্বপূর্ণ বিষয়টো অৱজ্ঞাৰ দৃষ্টিৰে চোৱা বাবেই এই লোকসকলৰ আত্মবিশ্বাস প্রায় নোহোৱা হোৱাৰ উপক্রম হৈছিল
এসময়ত খিলঞ্জীয়াই প্রভুত্ব বিস্তাৰ কৰা নামনি অসমৰ অধিকাংশ অঞ্চলতেই আজি খিলঞ্জীয়াৰ অস্তিত্ব বিপন্ন হৈ পৰিছে৷ এনে অৱস্থাৰ অৱসানৰ বাবে তথা ৰাজ্যৰ উন্নয়নৰ সৈতে খিলঞ্জীয়া লোকসকলক জড়িত কৰাৰ লগতে তেওঁলোকৰ স্বাভিমান সুৰক্ষিত কৰাৰ উদ্দেশ্যেৰে বর্তমানৰ সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে দৃঢ় পদক্ষেপ গ্রহণ কৰিছে৷
জাতি, মাটি আৰু ভেটি সুৰক্ষিতকৰণৰ প্রতিশ্রুতিৰে ক্ষমতালৈ অহা চৰকাৰখনে অসমীয়া সভ্যতা, সংস্কৃতি বিকশাই তোলাৰ বাবে দৃঢ়তাৰে পদক্ষেপ গ্রহণ কৰি আহিছে৷ ইয়াৰ ভিতৰত এক শক্তিশালী পদক্ষেপ হৈছে খিলঞ্জীয়া ভূমিপুত্রসকলৰ ভূমিৰ ওপৰত থকা অধিকাৰ সুনিশ্চিত কৰা৷ ৰাজ্যখনৰ সৰু-বৰ জাতি-জনগোষ্ঠীক লৈ ৰাজ্য চৰকাৰে আয়োজন কৰা ‘সহোদৰ’ কার্যসূচীৰ সময়ত অনুধাৱন কৰিছিল যে ভূমিৰ অধিকাৰ সুনিশ্চিত নকৰাকৈ তেওঁলোকৰ আত্মপৰিচয় শক্তিশালী কৰাটো কোনোপধ্যে সম্ভৱ নহয়৷ সংস্কৃতি-পৰম্পৰা লোকাচাৰ সুৰক্ষিত কৰিব লাগিলে তেওঁলোকৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিব লাগিব৷
চৰকাৰখনে খিলঞ্জীয়াৰ হূদয়ৰ আহবান শুনি সেইমর্মে পদক্ষেপ গ্রহণ কৰে৷ ইয়াৰ ফলত ২০২০ বর্ষলৈ চৰকাৰখনৰ চাৰে চাৰি বছৰীয়া শাসন কালত ২,২৮,১৬০খন ভূমিৰ পট্টা তথা আবণ্টন পত্র প্রদান কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ জৰিয়তে চৰকাৰখনে ২,০৯,৫৩৪ বিঘা ৪ কঠা ১৬ লেচা ভূমি প্রদান কৰিবলৈ সক্ষম হয়৷ ইয়াৰ বিপৰীতে পূর্বৰ চৰকাৰখনে ২০১১ চনৰ পৰা ২০১৬ চনলৈ ৫বছৰীয়া শাসনকালত মাত্র ৩১,৩০৩খন ভূমিৰ পট্টা তথা আবণ্টন-পত্র প্রদান কৰি মাত্র ৭০,০৩৮ বিঘা ৪ কঠা ৫ লেচা ভূমি হস্তান্তৰ কৰিবলৈ সক্ষম হৈছিল৷
এই বৃহৎ ব্যৱধানৰ জৰিয়তে বর্তমান ৰাজ্য চৰকাৰখনৰ খিলঞ্জীয়াৰ প্রতি থকা দায়বদ্ধতাৰ দিশটো উজ্জ্বল ৰূপত দাঙি ধৰিছে৷ ৰাজ্য চৰকাৰে সত্রীয়া সংস্কৃতিৰ প্রাণকেন্দ্রস্বৰূপ সত্রসমূহৰ ভূমি বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰাৰ বাবেও দ্রুত কার্যব্যৱস্থা গ্রহণ কৰিছে৷ বৰপেটা সত্রৰ ১২১ বিঘা ১৫ লেচা, দক্ষিণপাট সত্রৰ ২৫ বিঘা ২ কঠা ১০ লেচা আৰু পাতেকীবাৰী সত্রৰ ২৫ বিঘা ৩ কঠা ২ লেচা মাটি বেদখলকাৰীৰ পৰা ইতিমধ্যে মুক্ত কৰা হৈছে৷ আনহাতে, চৰকাৰী ভূমি, বনাঞ্চলৰ অবৈধ বেদখলমুক্ত কৰাৰ দিশতো চৰকাৰখনে শক্তিশালী পদক্ষেপ লৈছে৷
নিশ্চিতভাৱে এই পদক্ষেপে খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰিব৷ তদুপৰি, চৰকাৰখনে নতুন ভূমি নীতি গ্রহণ কৰি ভৱিষ্যতৰ বাবে খিলঞ্জীয়াৰ হাততে ভূমিৰ অধিকাৰ সুৰক্ষিত হৈ থকাৰ দিশত দৃঢ় পদক্ষেপ গ্রহণ কৰিছে৷ দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২৩ জানুৱাৰীত ঐতিহাসিক জেৰেঙা পথাৰত ১ লাখৰ ওপৰ খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ভূমিৰ পট্টা তথা আবণ্টন-পত্র প্রদানৰ জৰিয়তে বর্তমানৰ চৰকাৰখনে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিতকৰণৰ দিশত থকা দায়বদ্ধতাকে পুনৰবাৰ প্রতীয়মান কৰিছে৷ দেশৰ প্রধানমন্ত্রীয়ে অসমীয়াৰ স্বাভিমান ৰক্ষাৰ দিশত গ্রহণ কৰা এই পদক্ষেপ জাতীয় জীৱনৰ ইতিহাসত সদায়ে সোণালী আখৰেৰে লিখা থাকিব৷
চৰকাৰখনৰ ভূমি সম্পর্কীয় নীতি আৰু ভূমি প্রদানে আজি খিলঞ্জীয়াৰ আত্মবিশ্বাস সুদৃঢ় কৰিছে৷ ইয়াৰ জৰিয়তে শক্তিশালী জাতি গঠন প্রক্রিয়া ত্বৰান্বিত হৈ পৰিব৷ চৰকাৰখনৰ এই সদিচছাই সামগ্রিকভাৱে জাতীয় জীৱনলৈ নতুন উদ্দীপনা আনিছে৷ ভূমিপুত্রসকল হৈছে ৰাজ্যখনৰ হূৎপিণ্ড৷ তেওঁলোকৰ মনত প্রত্যয়ৰ সূচনা নকৰাকৈ বিকশিত অসম নির্মাণ সম্ভৱ নহয়৷ বর্তমানৰ ৰাজ্য চৰকাৰে খিলঞ্জীয়াক ভূমি পট্টা প্রদানৰ লগতে ভূমিৰ আবণ্টন-পত্র প্রদান কৰি জাতীয় স্বাভিমান বৃদ্ধিৰ দিশত এক নতুন দিগন্তৰ সূচনা কৰিছে৷
Comments