নলবাৰী, ২০ জানুৱাৰীঃ নলবাৰী চহৰৰ চ'কবজাৰস্থিত বিজ্ঞান শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান স্পেকট্ৰাম গুৰুকুলৰ প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণি সভাখন বৃহস্পতিবাৰে নলবাৰী নাট্য মন্দিৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হয়৷ কবি - নিবন্ধকাৰ জিতেন্দ্ৰ কুমাৰ জৈনে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত বিশিষ্ট নাট্যকাৰ- নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা, বিশিষ্ট স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ গোপাল কলিতা, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰিয়াজউদ্দিন আহমেদ, দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা উৎপল চক্ৰৱৰ্তী, গুৰুকুলৰ সঞ্চালক অভিষেক বৰুৱা, শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ডঃ প্ৰাণ কৃষ্ণ দাস আদি উপস্থিত থাকে৷
অনুষ্ঠানটোত উদ্বোধনী ভাষণ দি বিশিষ্ট নাট্যকাৰ- জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই কয় যে জীৱন গঢ়াৰ শৈক্ষিক পন্থাহে চিৰস্থায়ী হয়৷ নম্বৰকেন্দ্ৰিক শিক্ষা ব্যৱস্থা এটাই ছাত্ৰছাত্ৰীৰ জীৱন নিৰ্মাণ কৰিব নোৱাৰে৷ তেনে ব্যৱস্থাপনাই কিবা এটা পৰীক্ষাতহে সফলতা দিব পাৰে৷কিন্তু জীৱনৰ প্ৰধান প্ৰধান পৰীক্ষাবোৰত ভাটৌ চৰাইৰ দৰে কৰা মুখস্থ বিদ্যাই কেতিয়াও সফলতা নিদিয়ে৷ গীত আৰু কথাৰ সংমিশ্ৰণেৰে সম্পৃক্ত ভাষণটোত কথাশিল্পী ধ্ৰুৱজ্যোতি শৰ্মাই পুনৰ কয় যে বিজ্ঞান আৰু সাহিত্য পৰস্পৰে পৰস্পৰৰ পৰিপূৰক৷ সসীমৰ পৰা অসীমলৈ যাত্ৰা কৰা বিজ্ঞান আৰু সাহিত্যৰ সু-সমন্বয়ত নিৰ্মিত হয় এটা জাতিৰ সভ্যতা - সংস্কৃতি আৰু প্ৰগতি৷ স্পেকট্ৰামক মালৱ সম্পদ গঢ়াৰ কমাৰশাল হ'বলৈ আহ্বান জনায় নাট্যকাৰ শৰ্মাই৷ প্ৰায় তিনি শতাধিক বিদ্যাৰ্থী আৰু অভিভাৱকৰ উপস্থিতিত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখনত বিশিষ্ট স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ গোপাল কলিতাই ভাষণ দি বিজ্ঞান শিক্ষা জীৱনৰ এক কঠিন প্ৰত্যাহ্বান বুলি মন্তব্য কৰে৷নিজৰ জীৱনৰ অভাৱগ্ৰস্ত দিনৰ কথা সোঁৱৰণ কৰি ডাঃ কলিতাই কয়- ছাত্ৰছাত্ৰী নিজৰ অধ্যয়নকলৈ চিৰিয়াছ নহলে তেন্তে ভাগ্যই কেতিয়াও সহায় নকৰে৷
সভাখনত মননশীল ভাষণ প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰিয়াজউদ্দিন আহমেদে৷ ছাত্ৰ নেতা আহমেদে ভাষণত কয় যে শিক্ষা হৈছে এক অবিৰত যাত্ৰা৷ এই যাত্ৰাকালত যিয়ে সংযম আৰু নিয়ম পালন কৰে তেৱেঁই জীৱনত সফল হয়৷ বিদ্যাৰ্থীৰ বয়সন্ধিৰ ধুমুহাই যাতে সপোনবোৰ ধ্বংস কৰিব নোৱাৰে তাৰবাবে অভিভাবক আৰু ছাত্ৰছাত্ৰীসকলক সচেষ্ট হোৱাৰ বাবে আহ্বান জনায়৷ সন্তানে ভৱিষ্যতে কি হ'ব জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ সলনি পিতৃ-মাতৃয়ে তাৰ নিৰ্ধাৰণ কৰাটো দুৰ্ভাগ্যজনক আৰু বিপদজনক বুলি মন্তব্য কৰে আছু নেতা গৰাকীয়ে৷ শিক্ষানুষ্ঠানখনৰ ছাত্ৰী বিপাশামণি শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত আদৰণি ভাষণ দিয়ে অধ্যক্ষ ডঃ প্ৰাণ কৃষ্ণ ডেকাই৷ সভাখনত দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ প্ৰৱক্তা তথা সদৌ অসম জুনিয়ৰ কলেজ শিক্ষক সন্থাৰ সম্পাদক উৎপল চক্ৰৱৰ্তী আৰু গুৰুকুলৰ সঞ্চালক অভিষেক বৰুৱাইয়ো ভাষণ দিয়ে৷ নলবাৰীৰ স্পেকট্ৰাম গুৰুকুলৰ পৰা এম বি বি এছত নামভৰ্তিৰ বাবে স্থান পোৱা আচমা ইয়াছমিন আৰু বি ডি এছত স্থান পোৱা নিহাৰিকা মালাকৰ,বনজিৎ ডেকা আৰু ভাস্কৰজ্যোতি দাসক সম্বৰ্ধনা জনায়৷ ইফালে কেবাগৰাকী বিদ্যাৰ্থীৰ মাজত প্ৰত্যুৎপন্নিতাৰ ওপৰত প্ৰশ্ন উত্থাপন শ্ৰেষ্ঠ নবাগতা অৰ্থাৎ Miss Fresher হিচাপে নিৰ্বাচিত হয় স্বপ্নশ্বেতা বশিষ্ঠ ।। অনুষ্ঠানটোত স্পেকট্ৰাম গুৰুকুলৰ সমন্বয়ক জাকিৰ হুচেইন প্ৰমূখ্যে ভালেমান বিশিষ্ট লোক উপস্থিত থাকে৷
Comments