Cartoon
View Older
চেলেংহাট, ২১জানুৱাৰী: গণতন্ত্ৰ দিৱসৰ প্ৰাকমূৰ্হততে মৰিয়নি আৰক্ষী থানাৰ সন্মুখত থকা ৰায়বাহাদুৰ চুন্নীলাল এণ্ড এজেন্সি নামৰ পেট্ৰল পাম্পত বুধবাৰে মাজনিশা চাৰি দুবৃত্তই চলালে সন্ত্ৰাস।
এখন কলা ৰঙৰ ফৰ্ড ইক' স্পৰ্টচত অহা চাৰি জনীয়া দুৰ্বৃৃত্ততৰ দলটোৱে তেল ডিপুটোৰ ৰাজকুমাৰ মণ্ডল নামৰ কৰ্মমচাৰী জনক মাৰপিট কৰাৰ লগতে পিস্তলে গুলীয়াই মৰাৰ ভাবুকি দিয়ে।ইফালে ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে দুবৃত্তৰ দলটোৱে।
গণতন্ত্ৰ দিৱসৰ প্ৰাকমূৰ্হতত মৰিয়নি আৰক্ষী থানাৰ সন্মুখতে সংঘটিত এই ঘটনাই মৰিয়নি নগৰত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। আনহাতে দুৰ্বৃত্ত দলটোৱে তেল ডিপুটোত মাজ নিশা ডকাইতি কাণ্ড সংঘটিত কৰাৰ উদ্দেশ্যত আহিছিল বুলি সন্দেহ কৰা হৈছে। তেল ডিপুটোৰ কৰ্তৃপক্ষই মৰিয়নী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও দুৰ্বৃত্ত কেইটাৰ সন্ধান পোৱা নাই আৰক্ষীয়ে।
Comments