চেলেংহাট,২২জানুৱাৰীঃ আধুনিক সমাজ জীৱনত প্ৰতিজন লোকৰ বাবে ম'বাইল ফোন অপৰিহাৰ্য অংগ হৈ পৰা লগে লগে এলাগী হৈ পৰিল এসময়ৰ জনপ্ৰিয় যোগাযোগৰ মাধ্যম ডাক বিভাগ। ডাকোৱালৰ চাইকেলৰ টিলিঙাৰ শব্দৰ বাবে অধীৰ হৈ ৰৈ নাথাকে এতিয়া প্ৰিয়জন । ডাকোৱালৰ কান্ধত ওলমি খাকী ৰঙৰ টোপোলাটোত নাহে নীলা খামৰ চিঠিত প্ৰিয়জনৰ উমাল মৰমবোৰ। ম'বাইল ফোনৰ এটা টিপতে ইজনে সিজনৰ সৈতে বাৰ্তাৰ আদান প্ৰদান সম্ভৱ।
কিন্ত চিঠিৰ সেই মাদকতা জানো পাহৰিব পাৰি।চিঠিৰ সেই হেৰাই যোৱা মাদকতা ঘুৰাই অনাৰ বাবে এজন যুৱকে ল'লে অভিনৱ পদক্ষেপ। মৰিয়নিৰ চেলেংহাট উপ ডাক ঘৰৰ যোগেদি যুৱক জনে একেদিনাই দুশৰো অধিক চিঠি প্ৰেৰণ কৰিলে।কিন্ত কালৈ প্ৰেৰণ কৰিলে ইমানবোৰ চিঠি একেলগে! আচলতে যুৱক জন হৈছে পূব-যোৰহাট শিক্ষাখণ্ডৰ হেমলাই আৰু লাহিং মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক মহেন্দ্ৰ নাথ। শিক্ষাবিভাগৰ এক আঁচনি অনুসৰি চৰকাৰী বিদ্যালয় সমূহৰ সৈতে সমাজক জড়িত কৰোৱাৰ মানসেৰে নৱগঠিত বিদ্যালয় পৰিচালনা সমিতি (SMC) সমূহৰ আগন্তুক তিনিদিনীয়া প্ৰশিক্ষণলৈ অংশগ্ৰহণকাৰী সকলক ডাকযোগে পত্ৰ প্ৰেৰণ কৰি নিমন্ত্ৰণ জনোৱাৰ সিধান্ত গ্ৰহণ কৰে।
ডাক যোগে অহা চিঠিৰ হেৰাই যোৱা মাদকতা ঘূৰাই অনাৰ এইয়া এক প্ৰচেষ্টা হিচাপে গ্ৰহণ কৰা লগতে বিদ্যালয় পৰিচালনাৰ সৈতে জড়িত বিষয়-ববীয়া সকলৰ মনতো সেই সুকীয়া মাদকতা প্ৰদান কৰিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে মণ্ডল সমন্বয়ক মহেন্দ্ৰ নাথে।
Comments