চেলেংহাট ২২ জানুৱাৰীঃ মৰিয়নিৰ নামচেচুৰ চেলেংহাট হেল্থ ক্লাৱে অৰণ্য মানৱ ৰূপে খ্যাত তথা পদ্মশ্ৰী যাদৱ পায়েংক সম্বৰ্ধনা জ্ঞাপন কৰে। চেলেংহাট হেল্থ ক্লাৱৰ প্ৰতিস্থাপক সভাপতি বিশিষ্ট সমাজকৰ্মী তুষাৰ পালৰ নেতৃত্বত এটা সজাতী দল অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েংৰ বাসগৃহত উপস্থিত হৈ ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জ্ঞাপন কৰে। চেলেংহাট হেল্থ ক্লাৱৰ বিষয়ববীয়া আৰু সদস্যসকলে পদ্মশ্ৰী যাদৱ পায়েংৰ সৈতে দীৰ্ঘ সময় ধৰি পৰিৱেশ সম্বন্ধে বহু কথা আলোচনা কৰা লগতে আগন্তুক দিনত গ্ৰহণ কৰিব লগা নতুন পৰিকল্পনাৰ বিষয়েও আলোচনা কৰে।
আনহাতে পদ্মশ্ৰী যাদৱ পায়েঙে তুষাৰ পালে সমাজৰ বাবে নিস্বাৰ্থভাৱে কৰি অহা কৰ্মৰাজীৰ বাবে ভূয়সী প্ৰশংসা কৰে।উল্লেখ যে তুষাৰ পালে বিভিন্ন ৰাগীয়াল দ্ৰব্যৰ বিৰুদ্ধে নিচা মুক্তি অভিযান অব্যাহত ৰখা লগতে ড্ৰাগছৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতাৰ বাবে নিজৰ পকেটৰ ধন খৰচ কৰি অসমজুৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।ইয়াৰ উপৰি যুৱক যুৱতীৰ সুস্বাস্থ্যৰ বাবে বিনামূলীয়া শৰীৰ চৰ্চা আৰু যোগ প্ৰাণায়মৰ শিক্ষাও দি আহিছে তুষাৰ পালে।
Comments