চেলেংহাট, ২২জানুৱাৰীঃ গণতন্ত্ৰ দিৱসৰ প্ৰাক-মূহূৰ্তত মৰিয়নি আৰক্ষী থানাৰ সন্মুখত থকা ৰায়বাহাদুৰ চুন্নীলাল এণ্ড এজেন্সি নামৰ পেট্ৰল পাম্পত বুধবাৰে মাজনিশা এখন কলা ৰঙৰ ফৰ্ড ইক' স্পৰ্টচত অহা চাৰি জনীয়া দুৰ্বৃৃত্ততৰ দলটোৱে তেল ডুপোটোৰ ৰাজকুমাৰ মণ্ডল নামৰ কৰ্মমচাৰী জনক মাৰপিট কৰাৰ লগতে পিস্তলেৰে গুলিয়াই মৰাৰ ভাবুকি প্ৰদান কৰিছিল।গণতন্ত্ৰ দিৱসৰ প্ৰাকমূৰ্হতত মৰিয়নি আৰক্ষী থানাৰ সন্মুখতে সংঘটিত এই ঘটনাই আৰক্ষী বিভাগৰ ফোঁপোলা স্বৰূপ উদঙাই দিয়াৰলগতে মৰিয়নি নগৰত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।
কিন্ত চাৰি দুৰ্বৃত্তই সংঘটিত কৰা সমগ্ৰ ঘটনা চি চি টিভি কেমেৰাত আৱদ্ধ হৈ থকা পাছতো মৰিয়নি আৰক্ষীয়ে গাড়ী সহ দুৰ্বৃত্তকেইটাৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।কিন্ত সাংবাদিকৰ নিজৰ তদন্তত পোহৰলৈ আহিছে উক্ত ঘটনাৰ লগত জড়িত থকা দুৰ্বৃৃৃৃত্তত কেইটাৰ পৰিচয়। দুুুৰ্বৃত্ত কেইটা অহা কলা ৰঙৰ ফৰ্ড ইক' স্পৰ্টচ গাড়ী খনৰ পঞ্জীয়ন নম্বৰ আছিল এ এছ ০১ বি এফ ৪৫৬৭।
আৰু এই গাড়ীখন পঞ্জীয়ন হৈ আছে নিউ সোনোৱালৰ ৰাজীৱ মিলি নামৰ যুৱক জনৰ নামত। মাৰ পিট কৰা খীন যুৱক জনেই আছিল ৰাজীৱ মিলি।ৰাজীৱ মিলিৰ নেতৃত্বতে সংঘটিত হৈছিল এই মাৰপিটৰ ঘটনা। ৰাজীৱ মিলি হৈছে অবৈধ অৰুনাচলী সুুুৰা ব্যৱসায়ৰ এটা মাফিয়া।আনহাতে অভিযুক্ত ৰাজীৱ মিলি বৰ্তমান পলাতক অৱস্থাত থকা লগতে কৰায়ত্ত কৰিবৰ বাবে অভিযান অব্যাহত ৰখা বুলি সাংবাদিকক জানিবলৈ দিয়ে মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তিলক বৰায়ে।
Comments