গুৱাহাটী, ২২ জানুৱাৰী: কংগ্ৰেছৰ সভাপতি ছোনিয়া গান্ধীয়ে আজি কংগ্ৰেছ ৱর্কিং কমিটিৰ বৈঠকত বিজেপি নেতৃত্বত থকা কেন্দ্ৰ চৰকাৰক সমালোচনা কৰি কয় –“কৃষকৰ আন্দোলন চলি আছে আৰু চৰকাৰে আচৰিত ভাৱে অহংকাৰী মনোভাৱ প্রদর্শন কৰিছে ৷ আৰম্ভণিৰে পৰা আমাৰ স্থিতি স্পষ্ট ৷ আমি এই আইন সমূহ নাকচ কৰি আহিছোঁ কাৰণ এই আইন সমূহে খাদ্য সুৰক্ষাৰ মূল ভেটি এমএছপিৰ তিনিটা স্তম্ভ ক্ৰমে জনতা, চৰকাৰী ক্ৰয় আৰু পিডিএছক ধ্বংস কৰিব ৷”
“চৰকাৰে যিটো ব্যৱস্থাৰে দেশৰ ক’ভিড ১৯ৰ পৰিস্থিতিৰ মুখামুখি কৰিলে তাৰ ফলত বহু জনসাধাৰণ অবৰ্ণনীয় দুখ কষ্টৰ মাজেৰে যাৱ লগা হ’ল ৷ বৰ্তমান সময়ত ইয়াৰ পৰা সুস্থ হ’বলৈ আমাক বহু বছৰৰ প্ৰয়োজন হ’ব ৷”- বুলি ছোনিয়া গান্ধীয়ে মন্তব্য কৰে ৷\
দেশৰ প্ৰতিৰক্ষা বিষয়ক তথ্য সমূহ ফাদিল হোৱা সম্পৰ্কত ছোনিয়া গান্ধীয়ে কয়—“দেশৰ সেনা বাহিনীৰ গোপন অভিযানৰ তথ্য ফাদিল হোৱাটো এটা ভয় লগা ঘটনা ৷ যিসকলে ৰাষ্ট্ৰবাদী আৰু দেশভক্তিৰ চাৰ্টিফিকেট প্ৰদান কৰে তেওঁলোক বৰ্তমান সময়ত তেওঁলোকৰ সঁচা চৰিত্ৰ সম্পূৰ্ণভাৱে সকলোৰে সন্মুখলৈ আহিছে ৷”
Comments