নলবাৰী,২২ জানুৱাৰী: নলবাৰীৰ পাইকাৰকুচিৰ শ্বহীদ মুকুন্দ কাকতি স্মৃতি ক্ষেত্ৰত অহা ২৪ জানুৱাৰীত অনুষ্ঠিত হব বিজেপিৰ বিজয় সংকল্প সমাৰোহ।এই সমাৰোহত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
আজি এই ক্ষেত্ৰত আয়োজিত এক সংবাদ মেল সম্বোধন কৰি বিজেপিৰ উপ সভাপতি জয়ন্ত মল্ল বৰুৱাই কয় যে-এই বিজয় সমাৰোহত দুই লাখৰো অধিক লোকৰ সমাগম ঘটিব।ইয়ালৈ জিলাখনৰ লগতে বাক্সা,ৰঙিয়াকে ধৰি ১২ টা সমষ্টিৰ বিজেপিৰ কৰ্মকতাই ভাগ লব।
আজিৰ সংবাদ মেলত উপস্থিত আছিল বিজেপিৰ ৰাজ্যিক মুখ পাত্ৰ ৰূপম গোস্বামী,বিধায়ক অশোক শৰ্মা,নাৰায়ণ ডেকা,জিলা সভাপতি ডাঃ মৃগাংক তালুকদাৰ আৰু ৰাজ্যিক বিজেপিৰ মনোজ বৰুৱা।উল্লেখযোগ্য বিজেপিৰ এই বিশাল সমাৰোহৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে।ইয়াত কৃষ্টি-সংস্কৃতিৰো সমাহাৰ ঘটিব বুলি সংবাদ মেলত জনোৱা হৈছে।ইপিনে নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে।
Comments