গুৱাহাটী, ২৩ জানুৱাৰীঃ পাহাৰ-ভৈয়ামৰ সম্প্রীতি-সমন্বয়ৰ প্ৰতীক স্বৰূপ মৰিগাৱঁৰ ঐতিহাসিক গোভাৰজা দিনীয়া পৰম্পৰাৰে মহিমামণ্ডিত জোনবিল মেলাৰ আজি আছিল অন্তিম দিন। কালি কাহিলি পুৱাতে প্রাচীন ৰজাদিনীয়া পৰম্পৰাৰ বিনিময় প্রথাৰ আদান-প্ৰদান সম্পাদন হয়৷ বিশ্বৰ বিৰল জীৱিত পৰম্পৰাৰ এই বিনিময় প্রথাত ভাগ ল’বলৈ জোনবিলৰ পাৰ হৈ পৰিছিল লোকাৰণ্য৷ এক উৎসৱমুখৰ পৰিৱেশত বিনিময়ৰ হাট উখল-মাখল হৈ পৰাৰ পিচত আজি ৰজাৰ জোনবিলত অনুষ্ঠিত হয় সমূহীয়া মাছ মৰা পর্ব৷ এই বর্ণিল সংস্কৃতি প্রত্যক্ষ কৰিবলৈ ৰাজ্যৰ দূৰ-দূৰণিৰ ঠাইৰ পৰা অগণন লোকে আহি ভিৰ কৰেহি জোনবিলৰ বাকৰি৷
কিন্তু জোনবিল মেলাৰ অন্তিম দিনটোত যি উৎসাহ আৰু উৎসুকতাৰে বিৰ দি বাট নোপোৱা মানুহৰ ভিৰ হৈছে তাত পৰম্পৰা আৰু ঐতিহ্যক ৰক্ষা কৰা বা সেইবোৰৰ প্ৰতি বিশেষ শ্ৰদ্ধাৰ কোনো নিদৰ্শন প্ৰত্যক্ষ নহ’ল। সাধাৰণ আনন্দ মেলাৰ দৰে ৰং- ৰহইছৰহে পয়োভৰ দেখা গ’ল। কভিড ১৯ পৰিস্থিতিৰ নিৰ্দেশনাক সম্পূৰ্ণ ৰূপে উলংঘা কৰি সকলো মানুহ যেন বহু দিনৰ মূৰত মুকলি আকাশৰ তলত কিছু আনন্দ স্ফূৰ্তিৰ বাবেহে ওলাই আহিছে।
তদুপৰি লক্ষ্য লক্ষ্য মানুহৰ সমাগম হোৱা মেলা খনত প্ৰশাধন কক্ষৰ কোনো ব্যৱস্থা নাছিল।
ৰজা বা অন্যান্য বিষয়ববীয়া সকল নঞ্চত উপবিষ্ট আছিল যদিও আমি মেলাত থকা প্ৰায় ৩ ঘণ্টাত্কৈয়ো অধিক সময়ত কোনো ধৰণৰ আলোচনা, চাবলগীয়া বা শুনিবলগীয়া একো কাৰ্যসূচী নাছিল। কেৱল হোৰোৱা বস্তুৰ হে ঘোষনা কৰা হৈছিল। খাদ্যৰ বিপনী সমূহত তিৱা বা গোভা সকলৰ বিশেষ খাদ্য সম্ভাৰ চকুত নপৰিল। নিৰীক্ষনকাৰী হিচাপে এটা কথা অনুমান কৰিব পাৰি যে উদ্যোক্তা সকলে জোনবিল মেলাৰ বিশেষত্ব ৰক্ষা কৰিবলৈ বিশেষ ব্যৱস্থা হাতত নল’লে ই অতি শীঘ্ৰে এক সাধাৰণ আনন্দমেলালৈ পৰ্যবসিত হোৱাৰ সম্ভাৱনাই অধিক।
Comments