নলবাৰী,২৩ জানুৱাৰী: নলবাৰীৰ কেন্দুকুচিৰ শ্বহীদ মুকুন্দ কাকতি স্মৃতি ক্ষেত্ৰত কাইলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত হব লগা বিজেপিৰ বিশাল বিজয় সমাবেশ সম্পৰ্কত কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
আজি নলবাৰীৰ ৰাজীৱ ভৱনত সংবাদ মেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা মুখপাত্ৰ দুৰ্গা দাস বড়োৱে কয় যে-অমিত শ্বাহৰ এই সভাই নলবাৰীত সন্ত্ৰাস সৃষ্টি কৰিছে।তেওঁ আৰু কয় যে-অসম চুক্তিৰ ছয় নং দফা এতিয়াও কিয় কাৰ্যকৰী হোৱা নাই,সেই সম্পৰ্কত অমিত শ্বাহে সংসদৰ মজিয়াত উত্তৰ দিয়ক।আনহাতে এই বিজয় সংকল্প দিৱসত মহিলাসকলক আত্মসহায়ক গোটৰ বাবে ঋণ দিয়া হব বুলি সভালৈ মাতি প্ৰলোভনৰ ৰাজনীতি কৰিছে।
সমাৰোহ উদযাপন কৰাৰ নামত চৰকাৰী ধন শৰাধ কৰিছে এইখন বিজেপি চৰকাৰে।দাস বড়োৱে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালকো তীব্ৰ সমালোচনা কৰে।উল্লেখযোগ্য জিলা কংগ্ৰেছৰ সম্পাদক দিব্য হালৈয়ে আঁত ধৰে এই সংবাদ মেলত প্ৰদেশ কংগ্ৰেছৰ অন্যতম সম্পাদকদ্বয় দিলীপ শৰ্মা,প্ৰদ্যুত ভূঞা আৰু জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনো উপস্থিত আছিল।
Comments