Classifieds
View All
গুৱাহাটী, ২৩ জানুৱাৰী: অৰুণাচলৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুই আজি প্ৰতিবেশী ৰাষ্ট্ৰ চীন দেশে অৰুণাচলৰ প্ৰদেশৰ ভূখণ্ডত আন্তগাঠনি নিৰ্মাণ কৰাৰ অভিযোগ নাকচ কৰে ৷ উল্লেখ্য যে দেশৰ একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে চেটেলাইট ছবিৰ জৰিয়তে অৰুণাচল প্ৰদেশৰ ভূখণ্ডত চীনে গাঁও কৰা বুলি সংবাদ পৰিৱেশন কৰিছিল ৷
মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে কয় – “টিভি চেনেল সমূহে অৰুণাচল প্ৰদেশৰ ভূমিত চীনে গাঁও নিৰ্মাণ কৰা বুলি যি সংবাদ পৰিৱেশন কৰা হৈ আছে সেই ভূমি আচলতে ১৯৫৯ চনৰে পৰা চীনৰ দখলত আছে ৷ অৰুণাচল প্ৰদেশৰ ভূখণ্ড চীনে নিজৰ বুলি দাবী কৰা কাৰ্য যুক্তিহীন আৰু ভিত্তিহীন ৷ চীনৰ এনে কাৰ্যৰ সৈতে দেশৰ বিদেশ মন্ত্ৰালয়ে মোকাবিলা কৰিব ৷”
Comments