গুৱাহাটী, ২৩ জানুৱাৰী: দেশৰ এসময়ৰ অন্যতম প্ৰভাৱশালী ৰাজনৈতিক নেতা, বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, ৰে’ল মন্ত্ৰী ৰাষ্ট্ৰীয় জনতা দলৰ নেতা লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটিছে আৰু অতিশীঘ্ৰে লালু প্ৰসাদক সৰ্বভাৰতীয় চিকিৎসা প্ৰতিষ্ঠান এইমছত ভৰ্তি কৰোৱা হ’ব ৷
চিকিৎসক ডাক্তৰ উমেশ প্ৰসাদে কয়- “আমি লালু প্ৰসাদক দিল্লী এইমছলৈ বিমান এম্বুলেঞ্চৰ সহায়ত স্থানান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ৷ যদিহে প্ৰয়োজন হয় আমাৰ চিকিৎসক সকলো যাবগৈ ৷
উল্লেখ্য যে চিকিৎসক প্ৰসাদে যোৱা মাহত কৈছিল যে লালু প্ৰসাদৰ কিডনী বৰ্তমান সময়ত মাত্ৰ ২৫%হে কাম কৰি আছে আৰু আগন্তুক দিনত তেওঁৰ স্বাস্থ্যৰ অৱস্থা আৰু অধিক সংকটজনক হ’ব পাৰে ৷
লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱ ইতিমধ্যে ৰাজেন্দ্ৰ ইনষ্টিটিউট অফ মেডিকেল চাইন্সত উপস্থিত হৈছে ৷ তেজস্বীয়ে কয় –“লালু যাদৱৰ অৱস্থা বৰ্তমান সময়ত অৱনতি হৈ আছে ৷ উশাহ-নিশাহ লোৱাত তেওঁলোক কষ্ট পাই আছে ৷ মই বিভিন্ন পৰীক্ষাৰ ফলাফল সমূহ চাই পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিম ৷"
উল্লেখ্য যে লালু প্ৰসাদ যাদৱ ফড্ডাৰ গোচৰত এজন দোষী হিচাপে জেলৰ শাস্তি ভোগ কৰী আছে ৷
Comments