দুলীয়াজান, ২৩ জানুৱাৰীঃ ডিব্ৰুগড় জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠান (চাবুৱা ডায়েট )ৰ ছাত্ৰ-ছাত্ৰীসহ শিক্ষক শিক্ষয়িত্ৰীৰ এটা দলে কালি অভয়াৰণ্যৰ পৰা ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নিত হোৱা দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে । শিক্ষামূলক ভ্ৰমণৰ কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় উদ্যানখনলৈ অহা দলটোৱে জয়পুৰ বনাঞ্চলৰ অভ্যন্তৰত জংগল ট্ৰেকিঙ কৰা লগতে বৰ্ষাৰণ্যৰ গঠন আৰু ইয়াৰ বন্যপ্ৰাণৰ পৰ্যবেক্ষণ কৰে। প্ৰথমে ডিব্ৰুগড় জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষা ৰুণু গগৈ সোনোৱালৰ তত্ত্বাৱধানত ছাত্ৰ-ছাত্ৰী সকলে বৰ্ষাৰণ্য তথা পৰিবেশ সুৰক্ষাৰ ওপৰত এক আলোচনাত মিলিত হয়।
ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰী সকলে লিখা শ্ল’গানেৰে তৈয়াৰ কৰা পোষ্টাৰ দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশ পথৰ বিভিন্ন বৃক্ষত তথা বন বিভাগৰ কাৰ্যালয়ত আঁৰি দিয়ে। শিক্ষা প্ৰতিষ্ঠানৰ দ্বিতীয় ষণ্মাষিকৰ ৮২ জনীয়া ছাত্ৰ-ছাত্ৰীৰ দলটোক নেতৃত্বত প্ৰদান কৰে প্ৰতিষ্ঠানখনৰ প্ৰবক্তা স্বৰাজ ফুকন,অজয় ভট্টাচাৰ্য, ৰঞ্জন বৰা, নিপামনি টায়,পল্লবী কলিত আৰু নিপজ্যোতি পাটিৰিয়ে । আনহাতে ছাত্ৰ-ছাত্ৰীৰ দলটোক জংগল ট্ৰেকিঙ আৰু অৰণ্য অধ্যয়নত নেতৃত্ব প্ৰদান কৰে প্ৰকৃতি সংগঠন নেচাৰ্চ বেকনৰ সম্বন্বয়ৰক্ষী জয়ন্ত ভূঞাৰ লগতে অনুজ গগৈ,প্ৰাঞ্জল শইকীয়া, বিতুপৱন সন্দিকৈ আৰু বন বিভাগৰ জগত গগৈ আৰু বিপুল গগৈয়ে।
Comments