জোনাই ২৩ জানুৱাৰীঃ ধেমাজি জিলাৰ জোনাইৰ চিমেন চাপৰিস্থিত সতীশ বসুমতাৰী বড়ো হাইস্কুল খেলপথাৰত কালিৰে পৰা অনুষ্ঠিত নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ লগতে ধেমাজি জিলা বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ ৩২ সংখ্যক অধিবেশনৰ আজি সফল সামৰণি পৰে। অধিবেশনৰ আজি পুৱা ৮ বজাত পতাকা উত্তোলন কৰে নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি চবিন স্বৰ্গীয়াৰীয়ে। পতাকা উত্তোলন কৰি দিয়া ভাষনত শিক্ষক সংগঠনটোৰ সভাপতি গৰাকীয়ে কয় জাতিৰ অস্তিত্ব আৰু প্ৰগতিৰ দিশত নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থাই ঐক্য, শান্তি আৰু ভাতৃত্ববোধেৰে আগুৱাই সমাজত শিক্ষাৰ মেৰুদণ্ড স্বৰূপ প্ৰাথমিক শিক্ষাৰ পৰিবেশ গঢ় দিব লাগিব বুলি বক্তব্য দাঙি ধৰি একত্ৰিত শক্তিৰে মহান উদ্দেশ্য আগত ৰাখি কাম কৰিলেহে এটা জাতি উচ্চ শিখৰত আৰোহণ কৰিব পাৰি বুলি গুৰুত্বপূৰ্ণ ভাষন আগবঢ়ায়।
ইয়াৰ পাছতে পুৱা ৮-৩০ বজাত প্ৰয়াত শিক্ষক সকলৰ স্মৃতিত পুষ্পাঞ্জলী অৰ্পণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ উপ সভাপতি মদন স্বৰ্গীয়াৰীয়ে চমু ভাষনত কয় যিসকল শিক্ষাগুৰুয়ে অশেষ কষ্ট আৰু নিষ্ঠাৰে বড়ো ভাষা মাধ্যমৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰি মাতৃ ভাষাৰ উত্তৰণ ঘটোৱাত ওৰে জীৱন নিপাত কৰিলে সেইসকল পুৰোধা ব্যক্তিৰ আদৰ্শক জীয়াই ৰাখিবলৈ চেষ্টা চলোৱা উচিত বুলি বক্তব্য ৰাখে। দুপৰীয়া ১১-৩০ বজাৰ পৰা চবিন স্বৰ্গীয়াৰীৰ সভাপতিত্ত্বত অনুষ্ঠিত মুকলি সভাখন উদ্ধোধন কৰি দিয়া ভাষনত ধেমাজি জিলা সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে কয় ১৯৬৩ চনৰ পৰা ১৯৭৫ চনলৈ অসমীয়া লিপিৰে বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ পৰাই বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰা শিক্ষাগুৰু সকলে অনেক প্ৰতিকূলতা পৰিবেশৰ মাজেৰে দিন পাৰ কৰি আহিছে বুলি উল্লেখ কৰি প্ৰাথমিক বিদ্যালয়ত বড়ো মাধ্যমৰ শিক্ষা প্ৰৱৰ্ত্তন হোৱা সুদীৰ্ঘ আঠাৱন্ন বছৰ অতিক্ৰমতো বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ৰ সমস্যাৰ সমাধান নোহোৱাটো অতি পৰিতাপৰ বিষয় বুলিও ভাষনত উল্লেখ কৰে ।
নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক কামিনী বসুমতাৰীয়ে আতঁধৰা মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষনত হোৱা বড়ো সাহিত্য সভাৰ উপ সভাপতি ড৹ দীননাথ বসুমতাৰীয়ে কয় নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত পঞ্চম শ্ৰেণীলৈ মাতৃ ভাষাৰ মাধ্যমত শিক্ষা গ্ৰহণ বাধ্যতামূলক হৈছে বুলি কৈ এনে ব্যৱস্থাৰ দ্বাৰা মাতৃ ভাষা শিক্ষাৰ প্ৰসাৰ আৰু উত্তৰণত অপৰিসীম ভূমিকা পালন কৰিব বুলি উল্লেখ কৰি গুণগত মানদণ্ডৰ শিক্ষাইহে সমাজ,জাতি তথা ব্যক্তিগত জীৱন সাৰ্থক কৰি তোলে বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা অভ্যৰ্থনা সমিতিৰ সভাপতি মলেন্দ্ৰ নাৰ্জাৰীয়ে আদৰণি ভাষন আগবঢ়োৱা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মিহিনিশ্বৰ বসুমতাৰীয়ে কয় দীঘলীয়া আন্দোলনৰ ফলশ্ৰতিত তৃতীয় বড়ো শান্তি চুক্তি লাভ কৰাৰ সাফল্যৰ ফলস্বৰূপে বিটিআৰৰ বাহিৰৰ অসমৰ একৈশখন জিলাত বসবাস দহ লক্ষ্যাধিক বড়ো জনগণৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দিশে আগবাঢ়িছে বুলি বক্তব্য দাঙি ধৰি বড়ো সকলৰ শিক্ষা, ভাষা, সাহিত্য, সংস্কৃতি বিকাশৰ সমান্তৰালভাবে অসমৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবেও আগন্তুক দিনত ইতিবাচক চিন্তাৰে ঐক্যৱদ্ধতাৰ ভিত্তিত কাম কৰি যাবলৈ সকলোকে আহ্বান জনায়। একালৰ বিএলটি নেতা, বিটিচি চুক্তিৰ উপৰি ইউবিপিঅৰ সভাপতি হিচাপে শেহতীয়াকৈ স্বাক্ষৰিত তৃতীয় বড়ো শান্তি চুক্তিৰো স্বাক্ষৰকাৰী, অসম ৰাজ্যিক বিজেপিৰ উপ সভাপতি মিহিনিশ্বৰ বসুমতাৰীয়ে পুনৰ কয় যে ভাষা, সাহিত্য আৰু গুণগত শিক্ষা উন্নয়ন অবিহনে এটা জাতি কেতিয়াও প্ৰগতিৰ পথত আগুৱাই যাব নোৱাৰে বুলি উল্লেখ কৰি সদ্য গঠন হবলগা বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদখনে এই ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি যাব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
তেওঁ বড়ো জাতিৰ পিতা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ কৰ্মৰাজি, ভবিষ্যত দৰ্শনৰ ওপৰত আলোকপাত কৰি মহান নেতাগৰাকীয়ে দেখুৱাই যোৱা ত্যাগ, কৰ্তব্যনিষ্ঠা আৰু আদৰ্শক বাস্তৱ ৰূপ দিবলৈ প্ৰত্যেকেই অহোপুৰুষাৰ্থ কৰিব লাগিব বুলিও গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় । আমন্ত্ৰিত অতিথি হিচাপে এছ বি বড়ো হাইস্কুলৰ সহঃ প্ৰধান শিক্ষক ললিত চন্দ্ৰ বড়োয়ে শিক্ষক, অভিভাৱক আৰু শিক্ষাৰ্থীৰ সুসমন্বয়তহে সুষ্ঠ শৈক্ষিক পৰিবেশ গঢ় লৈ উঠে বুলি উল্লেখ কৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ জৰিয়তে জ্ঞানৰ উদয় হয় বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় । মুকলি সভাত সানজৌৰাং লক্ষেশ্বৰ ব্ৰহ্ম আৰু জৌহৌলাও নীলেশ্বৰ ব্ৰহ্ম বটাঁ প্ৰাপক বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহক তথা ইউএনবি বড়ো হাইস্কুলৰ প্ৰধান শিক্ষক ভূমিধৰ বড়ো, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰী, এছ বি বড়ো এমই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বাজেন্দ্ৰ ব্ৰহ্ম, সংযুক্ত বড়ো গণ মঞ্চৰ উপ সভাপতি ৰতন বসুমতাৰী, জয়ভদ্ৰ হাগজেৰ বড়ো এমই স্কুলৰ প্ৰধান শিক্ষক অশ্বিনী স্বৰ্গীয়াৰী, ধেমাজি জিলা আবৌফৰ সভানেত্ৰী ফুলেশ্বৰী দৈমাৰী,ধেমাজি জিলা এবছুৰ সভাপতি লখেন বসুমতাৰী, অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি চাঞ্চুমা বসুমতাৰী, অবিভক্ত লখিমপুৰ জিলা আত্মসমৰ্পণকাৰী এনডিএফবি কল্যাণ পৰিষদৰ সভাপতি ধৰ্মেশ্বৰ বসুমতাৰী,অহৌম বৌঢ়ায় বাথৌ ইংলিছ স্কুলৰ অধ্যক্ষ বিদ্ধেশ্বৰ দৈমাৰী, অবিভক্ত লক্ষীমপুৰ জিলা এবছুৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক ৰজত ৰামচিয়াৰী, জোনাই জিলা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সোণেশ্বৰ বসুমতাৰী, প্ৰমুখ্যে বহু সংখ্যক সমাজকৰ্মী উপস্থিত থাকে। মুকলি সভাত বাগৰুম্বা আৰু বিভিন্ন বড়ো নৃত্য প্ৰদৰ্শনেৰে অনুষ্ঠানটো উখলমাখল পৰিবেশৰ সৃষ্টি কৰি তোলে।
উল্লেখ্য যে যোৱা কালি নিশা অনুষ্ঠিত কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি সভাত সপ্তম দৰমহা বিধিৰ ভিত্তিত প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদ সৃষ্টি আৰু স্নাতক শিক্ষকৰ গ্ৰেড পে' আদায় দিয়া,২০১৯ শিক্ষাবৰ্ষৰ বৃত্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা, নতুন শিক্ষানীতি প্ৰয়োগৰ পূৰ্বে সকলো ঠিকাভিত্তিক শিক্ষক ৰ চাকৰি নিয়মীয়াকৰণ কৰি প্ৰাপ্য গ্ৰেড পে'কে ধৰি সকলো সুবিধা আধায় দিয়া, বেতনবঞ্চিত শিক্ষকৰ বেতন আদায় দি চাকৰি নিয়মীয়াকৰণ কৰা, অপ্ৰাদেশিকৃত বিদ্যালয় সমূহ প্ৰাদেশীকৰণ কৰা, নতুন পেঞ্চননীতি বাতিল কৰি পুৰণি পেঞ্চননীতি বাহাল ৰখা, খালি হৈ থকা শিক্ষা বিষয়া পদসমূহ পূৰণ কৰা,ঘোষিত সকলো মহকুমাতে উপ পৰিদৰ্শকৰ কাৰ্য্যালয় প্ৰতিষ্ঠা কৰি স্থায়ী বিষয়া নিযুক্তি দিয়াৰ লগতে এজনীয়া বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত অতিৰিক্ত শিক্ষক নিযুক্তি দিয়া, বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ বিটিআৰৰ বাহিৰৰ বড়ো যুৱক যুৱতী সকলৰ মাজত বিশেষ টেট্ পৰীক্ষা অনুষ্ঠিত কৰা,শিক্ষাবৰ্ষ আৰম্ভণিতে বড়ো মাধ্যমৰ বিনামূলীয়া পাঠ্যপুথি যোগান ধৰা,বুনিয়াদী শিক্ষণ প্ৰদানৰ ক্ষেত্ৰত থকা অসুবিধা আঁতৰাবলৈ সহঃ পাঠ্যপুথি যোগান ধৰা, পৰ্য্যাপ্ত আৰু উপযুক্ত শিক্ষণ সামগ্ৰী যোগান ধৰা আদি সমস্যাৰ ওপৰত আলোচনা চলাই ইয়াৰ আশু সমাধানৰ ব্যৱস্থা হাতত লবলৈ চৰকাৰক দাবী জনায়।
Comments