Classifieds
View All
গুৱাহাটী, ২৩ জানুৱাৰী: বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যক্ষ টেড্রোছ অ্যাধনম ঘেৰবাযয়িচাচে শনিবাৰে ভাৰতবৰ্ষ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশ্বৰ ক’ভিড ১৯ মহামাৰীৰ প্ৰতি গ্ৰহণ কৰা পদক্ষেপৰ বাবে প্ৰশংসা কৰে ৷
সামাজিক মাধ্যমত টেড্রোছে লিখে – “ধন্যবাদ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়ালৈ বিশ্বত ক’ভিড ১৯ৰ বিষয় সম্পৰ্কত গ্ৰহণ কৰা পদক্ষেপৰ বাবে ধন্যবাদ ৷ যদিহে আমি একেলগে কাম কৰো তেন্তে আমি এই ভাইৰাচক বাধা প্ৰদান কৰিব পাৰিম আৰু জীৱনৰ লগতে জীৱিকা ৰক্ষা কৰিব পাৰিম ৷”
উল্লেখ্য যে ভাৰতে দেশ প্ৰস্তুত হোৱা ক’ভিড ১৯ৰ ভেকচিন ক্ৰমে ভূটান, মালদ্বীপ, ম্যানমাৰ, ব্ৰাজিল আৰু বাংলাদেশলৈ প্ৰেৰণ কৰিছিল ৷
শুক্ৰবাৰে ভাৰতৰ এই পদক্ষেপৰ প্ৰশংসা আমেৰিকাও প্ৰশংসা কৰিছিল ৷
Comments