Cartoon
View Older
২৫ জানুৱাৰী: গুৱাহাটীৰ বেলতলা জামে মছজিদত ১৫জনীয়া এটা দলে প্ৰৱেশ কৰাক লৈ নিশা তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ সন্দেহজনকভাৱে মছজিদত প্ৰৱেশ কৰি নামাজ পঢ়ি থকাত নামাজৰ নীতি-নিয়মৰ বিসংগতি দেখি সোধা-পোছা তথা পৰিচয় বিচৰাত পলায়নৰ চেষ্টা কৰে৷দলটোক সোধা-পোছা কৰাত অন্য ধর্মৰ বুলি জানিব পৰাত স্থানীয় আৰক্ষী চকীত খবৰ দিয়ে মছজিদ কমিটীয়ে৷ মছজিদ কমিটীয়ে ইয়াৰে ৯ জনক কৰায়ত্ত কৰি বশিষ্ঠ আৰক্ষীক গটাই দিয়ে যদিও বাকীকেইটাই পলায়ন কৰে৷
কি উদ্দেশ্যত এই দলটোৱে মছজিদত প্ৰৱেশ কৰিছিল, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷উল্লেখযোগ্য যে,গণৰাজ্য দিৱসলৈ মাজত মাথো কেইটামান ঘন্টা। ইয়াৰ মাজতে মছজিদত ১৫ জনীয়া অচিনাকী লোকৰ প্ৰৱেশক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।
Comments