তিনিচুকীয়া: ২৭ জানুৱাৰী: দুলিয়াজান অঞ্চলৰ অগ্ৰণী ক্ৰীড়া সংগঠন একলব্য ফুটবল ক্লাব আৰু নাওহলীয়া আঞ্চলিক যুৱ সংঘৰ যৌথ উদ্যোগত বৰকোলা নৱজ্যোতি পুথিভঁৰাল আৰু যুৱক সংঘৰ সহযোগত গণৰাজ্য দিৱস উপলক্ষে মাৰাথান দৌৰ প্ৰতিযোগিতা আয়োজন কৰে।
ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ শতাধিক প্ৰতিযোগীয়ে মাৰথন দৌৰত অংশগ্ৰহণ কৰে । বিশিষ্ট ক্ৰীড়া সংগঠক আদিত্য ফুকনে আঁত ধৰা মাৰথন দৌৰ প্ৰতিযোগিতা উদ্ধোধন কৰে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বুবুল তালুকদাৰে।
মাৰথন দৌৰ প্ৰতিযোগিতাত লৰা শাখাত বাবুল মৰানে প্ৰথম স্থান,ৰূপম ছেত্ৰীয়ে দ্বিতীয় স্থান, শ্যামলাল শৰ্মাই তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে ছোৱালী শাখাত দুলুমনী ওৰাং প্ৰথম আৰু পিংকী গৌৰে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। মাৰাথান দৌৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা প্ৰতিযোগী সকলক একলব্য ফুটবল ক্লাব আৰু নাওহলীয়া আঞ্চলিক যুৱ সংঘৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰে।
Comments