Classifieds
View All
তিনিচুকীয়াৰ ক্রীড়া প্রতিবেদক আৰু ষ্টাফ ৰিপ’র্ৰ, ২৭ জানুৱাৰী ঃ তিনিচুকীয়াৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত থকাৰ উপৰি তিনিচুকীয়া জিলাৰ গ্রাম্য ক্রীড়াৰ বাতৰি প্রকাশ কৰি ভিতৰুৱা গ্রাম্য অঞ্চলৰ খেলুৱৈসকলক বিভিন্ন খেলৰ প্রতি প্রেৰণা আৰু উৎসাহ যোগোৱাৰ বাবে তিনিচুকীয়া জিলা প্রশাসনে যোৱা ২৬ জানুৱাৰীত স্থানীয় বৰগুৰিৰ আই টি আই খেলপথাৰত অনুষ্ঠিত ৭২সংখ্যক গণৰাজ্য দিৱসৰ কেন্দ্রীয় কার্যসূচীত দৈনিক জনমভূমি কাকতৰ ক্রীড়া সাংবাদিক অমৃত শর্মাক সম্বর্ধনা জ্ঞাপন কৰে৷
অনুষ্ঠানৰ বিশিষ্ট অতিথি অসম চৰকাৰৰ শ্রম মন্ত্রী সঞ্জয় কিষাণে শর্মাক সম্বর্ধনা-পত্র প্রদান কৰে৷ অনুষ্ঠানত তিনিচুকীয়া জিলাৰ উপায়ুক্ত দিগন্ত শইকীয়া, আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া, তিনিচুকীয়া জিলাৰ ক্রীড়া বিষয়া প্রাঞ্জল দিহিংগীয়াসহ ভালেসংখ্যক গণ্যমান্য লোক উপস্থিত আছিল৷
Comments