Classifieds
View All
গুৱাহাটী, ২৭ জানুৱাৰী: বিচিচিআইৰ সভাপতি,প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীক বুকুৰ বিষৰ বাবে পুনৰ এবাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷বৰ্তমান সময়ত ক্ৰিকেটাৰ জনক সৌৰভ গাংগুলীক কলকাতাৰ এপ’ল’ হস্পিটালত ভৰ্তি কৰোৱা হৈছে৷
জানিব পৰা অনুসৰি সংকটমুক্ত অৱস্থাত আছে সৌৰভ গাংগুলী৷ইয়াৰ আগতে যোৱা ২ জানুৱাৰীত বুকুৰ বিষৰ বাবে সৌৰভ গাংগুলীক প্ৰথমবাৰৰ বাবে কলকাতাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল৷
চিকিৎসালয়ত ৭টা দিন থকাৰ অন্তত ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰা হৈছিল সৌৰভ গাংগুলীক৷
Comments