তালাপ, ২৮ জানুৱাৰীঃ- অসম গাঁওৰক্ষী বাহিনীৰ ৭২ত্বম প্ৰতিস্থা দিৱসৰ লগত সংগতি ৰাখি তালাপ আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ যৌথ উদ্যোগত আজি তালাপ নগৰত চাফাই অভিযান চলাই ৷ এই অভিযানৰ সময়ত তালাপ বজাৰ এলেকাৰ থানা ৰ’ডৰ লগতে ৩৭নং ৰাষ্ট্ৰীয় পথৰ চৌপাশ চাফচিকুণ কৰি জাবৰ আদি দুৰৈত পেলোৱাৰ ব্যৱস্থা কৰা হয় ৷ এই অভিযানত তালাপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সোমেশ্বৰ বৰা, উপ-পৰিদৰ্শক কপিল চন্দ্ৰ দাস, গাঁওৰক্ষী বাহিনীৰ চি অ’ ভি ডি অ’ লাকিমা মেচ কৰ্মকাৰ তালাপ থানা কমিটিৰ সভাপতি আৰু সম্পাদক ক্ৰমে কালকান কিষাণ আৰু দীপক টুটীয়ে নেতৃত্ব লোৱা দেখা গল ৷ উল্লেখ্য যে ২৯ জানুৱাৰী অসম গাঁওৰক্ষী বাহিনীৰ ৭২ত্বম প্ৰতিস্থা দিৱসৰ দিনটোতে তালাপ থানা গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয়টো শুভ উদ্ধোধন কৰা হব ৷ আৰক্ষী উপ পৰিদৰ্শক কপিল চন্দ্ৰ দাসৰ প্ৰতক্ষ সহযোগত ইতিমধ্যেই কাৰ্যালয় গৃহটোৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বুলি গাঁওৰক্ষী বাহিনীৰ থানা কমিটিৰ সম্পাদক দীপক টুটীয়ে জানিবলৈ দিছে ৷
Comments