মাজুলী ,২৮,জানুৱাৰী:কৰ'না মহামাৰীৰ সময়ত ক'তো দেখিবলৈ নোপোৱা অসমৰ একাংশই হঠাৎ নিৰ্বাচনৰ আগেয়ে আঞ্চলিক দল খুলি নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে উঠি পৰি লাগিছে।মহাজোঁট গঠন কৰি যিমান উঠি পৰি লাগিয়েও চৰকাৰ গঠন দূৰৰে কথা এইসকল মাত্ৰ এখন বা দুখন আসনতেই তেওঁলোক সীমাবদ্ধ হৈ থাকিব।
ইয়াৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন অসম চৰকাৰে উন্নয়নৰ ধাৰাবাহিকতা ৰক্ষা কৰি জনতাৰ আস্থা বুটলিবলৈ সক্ষম হৈছে-আজি মাধৱদেৱ কৃষ্টি কেন্দ্ৰ খোনাচুকত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ মাজুলী জিলাৰ এখন বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি সাংবাদিকক সম্বোধন কৰাৰ সময়ত বিজেপি অসম প্ৰদেশৰ সহঃ প্ৰভাৰী শ্ৰদ্ধাৰ পৱন শৰ্মাই ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু আঞ্চলিক গন মৰ্চাক আওপকীয়াকৈ আক্ৰমণ কৰি এনেদৰে কয়।শৰ্মাই আৰু কয় যে যোৱা পাঁচটা বছৰত বিজেপি নেতৃত্বাধীন অসম চৰকাৰে ব্ৰহ্মপুত্ৰৰ ওপৰত ৬ খনকৈ দলং নিৰ্মাণ কৰাৰ লগতে ১৫ খনকৈ মেডিকেল কলেজ,৩১ হাজাৰ কিলোমিটাৰ পথ পকীকৰণ,দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক বেংক একাউণ্টৰ জড়িয়তে পোনপটীয়াকৈ চৰকাৰী আচনি লাভৰ সুবিধা কৰি জনতাৰ হৃদয় জিনিবলৈ সক্ষম হৈছে বুলি সহ প্ৰভাৰী গৰাকীয়ে উল্লেখ কৰি।
ইয়াৰ উপৰিও আগন্তুক বিধান সভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ ৪২ লাখ সদস্যৰ পৰিশ্ৰম আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সু শাসনৰ বাবে অসমৰ ৰাইজৰ আৰ্শীবাদত পুনৰ অসমত বিজেপিৰ চৰকাৰ হব বুলি তেওঁ দাবী কৰে। মাজুলীৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাজ্যৰ ভিতৰতে বিপুল ভোটত জয়লাভ কৰিব বুলিও বিজেপি অসম প্ৰদেশৰ সহঃ প্ৰভাৰী পৱন শৰ্মাই লগতে উল্লেখ কৰে।ইফালে পুৱাৰ ভাগতে সাংগঠনিক সভাত অংশ গ্ৰহণৰ বাবে মাজুলীত উপস্থিত হোৱা বিজেপিৰ উত্তৰ পূৰ্বাঞ্চলৰ সাংগঠনিক সাধাৰণ সম্পাদক অজয় জামোৱাল আৰু বিজেপি অসম প্ৰদেশৰ সহঃ প্ৰভাৰী পৱন শৰ্মাক কমলাবাৰী ঘাটৰ পৰা বিজেপিৰ যুৱ মৰ্চাৰ সদস্য সকলে বিশাল বাইক ৰেলীৰে আদৰি আনে।পিছত দলীয় সাংগঠনিক সভাত অংশগ্ৰহন কৰি দুয়োগৰাকী নেতাই বিজেপিৰ বুথ পৰ্যায়ৰ নেতা কৰ্মী সকলক আগন্তুক নিৰ্বাচনৰ বাবে সাজু হবলৈ কৈ তেওঁলোকক উৎসাহিত কৰি বক্তব্য প্ৰদান কৰে।১০০০ বুথ পৰ্যায়ৰ নেতা কৰ্মী উপস্থিত থকা সভা খনত টিংখং সমষ্টিৰ বিধায়ক বিমল বৰা,মাজুলী জিলা বিজেপিৰ সভাপতি লোকনাথ কুটুম,বিজেপি নেতা মনোজ বৰা, মাজুলী জিলা পৰিষদৰ সভানেত্ৰী পাপু দত্ত হাজৰিকা,জিলা বিজেপিৰ সম্পাদক দেৱব্ৰত দত্ত, মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি ৰমেন দত্ত আদিকে ধৰি জিলা বিজেপিৰ নেতা কৰ্মী সকল উপস্থিত থাকে।নিৰ্বাচনৰ আগেয়ে বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ নেতাৰ এই নিৰ্বাচনী পৰ্যালোচনাই বিশেষ তাৎপৰ্য বহন কৰিছে।
Comments