প্ৰণৱজ্যোতি দত্ত ২৮জানুৱাৰী:ৰাজ্যৰ ২০ গৰাকী সাংবাদিকলৈ তথ্য আৰু জনসংযােগৰ ২০২০-২১ বৰ্ষৰ ৫০ হাজাৰ টকাৰ এককালীন অনুদান ঘােষণা কৰা হৈছে।১৫ বছৰতকৈ অধিককাল সাংবাদিক হিচাপে সেৱা আগবঢ়োৱা সাংবাদিকসকলৰ বৃত্তিগত উৎকর্ষ সাধনৰ বাবে ৰাজ্য চৰকাৰে এই এককালীন অনুদানৰ ব্যৱস্থা কৰিছে।
এই এককালীন অনুদান প্রাপ্ত সাংবাদিকসকলক চৰকাৰে ৫০ হাজাৰকৈ টকাকৈ আগবঢ়াব। ৰাজ্যৰ বিভিন্ন প্রান্তৰ নির্বাচিত সাংবাদিক সকলক অহা ৬ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্রীশ্রী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়ােজিত অনুষ্ঠানত দিনৰ ১১.৩০ বজাত অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে আনুষ্ঠানিকভাবে এই এককালীন অনুদান প্রদান কৰিব।
এই বৰ্ষত এককালীন অনুদানৰ বাবে নির্বাচিত সাংবাদিকসকল হৈছে ক্ৰমে--- অনন্ত নাৰায়ণ বৰঠাকুৰ(দৈনিক জনমভূমি),অনুপ বিশ্বাস(দ্যা আছাম ট্রিবিউন),অৰূপ ৰঞ্জন বর্মন(নিয়মীয়া বার্তা), আগষ্টাইন টেৰণ( দ্যা হিলছ টাইমছ,বাপন চন্দ্র শর্মা (নিয়মীয়া বার্তা),বিদ্যুৎ কলিতা(অসমীয়া প্রতিদিন),বিপুল কুমাৰ বৰ্মন (নিউজ ১৮ অসম এন.ই),বিপুল শইকীয়া (দৈনিক অসম), চম্পক বৈশ্য ( আমাৰ অসম),ডালিম ফুকন (দ্যা আছাম ট্রিবিউন),
দেৱজিৎ হাজৰিকা(অসমীয়া প্রতিদিন, দিৱকৰ শইকীয়া (দৈনিক জনমভূমি),দীপক কুমাৰ শৰ্মা(অসমীয়া প্রতিদিন,জয়ন্ত কুমাৰ দাস(ডি ৱাই ৩৬৫),জীতেন বৰকাকতী(অসমীয়া খবৰ),নয়ন প্রতিম কুমাৰ(প্রতিদিন টাইম), পুলেন কুমাৰ দাস(অসমীয়া প্রতিদিন),শৈলেন কুমাৰ শইকীয়া আমাৰ অসম),সঞ্জয় চক্রবর্তী (এন.ডি.টিভি) আৰু উৎপল ডেকা(দৈনিক অসম)।
Comments