Classifieds
View All
ডিমৌ, ২৮জানুৱাৰী: অাজি ডিমৌলৈ আহিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।বহুজাতিক প্ৰতিস্থান, তেল, আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেডৰ কৰ্পোৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত প্ৰায় ২০০ কোটি টকাৰে শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ অন্তৰ্গত ডিমৌৰ ৰজাবাৰীত নিৰ্মাণ কৰা স্বৰ্গদেউ ছ্যুকাফা মাল্টিস্পেচিয়েলিটি চিকিৎসালয়ত উপস্থিত হ'বহি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
বিগত আঢ়ৈ বছৰত ৩০ হাজাৰকৈ ৰোগীক চিকিৎসা সেৱাআগবঢ়াই আহিছে ডিমৌ ৰজাবাৰী স্থিত এই ছ্যুকাফা মাল্টি স্পেচিয়েলিটি চিকিৎসালয় খনে। আজি আবেলি ৫ বজাত চিকিৎসালয় খনত প্ৰায় এক, ডেৰ কোটি টকাৰ মাল্টি চাৰ্জাৰী মাইক্ৰস্ক'পৰ শুভ উদ্ধোধন কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে।
আনহাতে, এই উদ্ধোধনী অনুস্থানত উপস্থিত থাকিব থাওৰা বিধান সভা সমষ্টিৰ বিধায়ক কুশল দুৱৰী।
Comments