Classifieds
View All
প্ৰণৱজ্যোতি দত্ত ২৮জানুৱাৰী:কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিলে কভিড-১৯ সম্বন্ধীয় নতুন গাইড লাইন।অহা ১ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ প্ৰযোজ্য হ’ব এই নিয়মাৱলী।নতুনকৈ জাৰি কৰা এই গাইড লাইনত পূৰ্বে থকা বহু নিয়ম শিথিল কৰাৰ লগতে আঁতৰাই দিয়া হৈছে।
নতুনকৈ কি কি নিয়ম নিৰ্ধাৰণ?
১)সামাজিক, ধৰ্মীয়, ক্ৰীড়া আৰু সাংস্কৃতিক কাৰ্যসূচীত ২০০ লোকৰ সমাগমৰ সীমা পৰিহাৰ।
২)সকলো ধৰণৰ প্ৰদৰ্শনীৰ অনুমতি।
৩)চিনেমা হললৈ ৫০শতাংশতকৈ অধিক লোক যাব পাৰিব।এই সন্দৰ্ভত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে নিয়মাৱলী জাৰি কৰিব।
৪)এতিয়াৰ পৰা সকলো ছুইমিং পুললৈ যাব পাৰিব।
Comments