Classifieds
View All
প্ৰণৱজ্যোতি দত্ত ২৮জানুৱাৰী:উৎসৱৰ মাদকতাৰ মাজতে ৰক্তাক্ত হ'ল কাৰ্বি আংলং৷কাৰ্বি আংলঙৰ ধনশিৰিত প্ৰাক্তন DHD নেতাক গুলীয়াই হত্যা৷অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে প্ৰাক্তন DHD নেতা অমিত নুনিছাক৷
সাতটা গুলীৰে প্ৰাক্তন বিদ্ৰোহী গৰাকীৰ দেহ নিথৰ হৈ পৰে৷লগতে দুৰ্বৃত্তৰ গুলীত এলটা মাইবংছা নামৰ এগৰাকী বৃদ্ধাও নিহত হয়৷এই আক্ৰমণত আন এগৰাকী যুুৱক আছিচ ফংলচা’ৰ হাতত গুলী লাগিছে৷
কালি আছিল ডিমাছা সকলৰ জাতীয় উৎসৱ বিছু ডিমা৷সেয়ে গাৱে গাৱে আয়োজন কৰা হৈছিল বিছু৷কালি নিশা সংঘটিত এই হত্যাকাণ্ডই এতিয়া এলেকাতোত আতংকৰ সৃষ্টি হৈছে৷
ইয়াৰ পূৰ্বে ২০১৭ চনত DHD প্ৰাক্তন সেনাধ্যক্ষ প্ৰণৱ নুনিছা আৰু নিলেন্দু ডিমাছাকো সংগঠনটোৱে হত্যা কৰাৰ চেষ্টা কৰিছিল৷
Comments