Classifieds
View All
প্ৰণৱজ্যোতি দত্ত ২৮জানুৱাৰী:আধা ঘণ্টাতে ৪ যুৱকে খাই পেলালে ৩০ কেজি কমলা।বৰ্দ্ধিত লাগেজৰ ভাড়া বচাবলৈ গৈ কৰিলে এনে আজৱ কাণ্ড।ঘটনাটো সংঘটিত হৈছে দক্ষিণ চীনৰ ইউনান প্ৰদেশত।
তেওঁলোকে ৫০ য়ুনান (ভাৰতীয় মুদ্ৰাত ৫৬৪টকা) দি ৩০ কেজি ওজনৰ কমলাটেঙাৰ এটা বাক্স কিনিছিল।কিন্তু বিমান যাত্ৰা কৰিবলৈ হ’লে যিমানখিনি সামগ্ৰী নিয়াৰ অনুমতি দিয়া হয়, সিমানহে নিব পাৰিব।তাতকৈ বেছি হ’লে ভৰিব লাগিব অতিৰিক্ত টকা।
তেওঁলোকৰ সেই কমলাৰ ওজন হৈছিল ৩০ কিল'গ্ৰাম।তেওঁলোকে জানিব পাৰে যে, তেওঁলোকে উক্ত সামগ্ৰীৰ বাবে ৩০০ ইউয়ান (ভাৰতীয় মুদ্ৰাত ৩৩৮৪ টকা) অতিৰিক্ত ভৰিব লাগিব।যিটো তেওঁলোকে দিবলৈ ইচ্ছুক নাছিল।
লগে লগে চাৰিওজন লাগি গ’ল কমলা খোৱাত।মাত্ৰ আধা ঘণ্টাৰ ভিতৰত তেওঁলোকে খাই শেষ কৰিলে ৩০ কিল'গ্ৰাম কমলা।
Comments