মঙলদৈ ২৮ জানুৱাৰী : পথৰুঘাটৰ ঐতিহাসিক কৃষক ৰণৰ সাতকুৰি শ্বহীদক কৃষক শ্বহীদ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ বৃহস্পতিবাৰে মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ লৈ মুখ্যমন্ত্ৰী সোনোৱালে পথৰুঘাটক দেশৰ প্ৰেক্ষাপটত উজলাই তোলাৰ বাবে সকলো ব্যৱস্থা কৰিবলৈ তেওঁৰ চৰকাৰ প্ৰতিশ্ৰুতি বদ্ধ বুলি কয়।
উঠি অহা প্ৰজন্মই আধুনিক ধ্যান ধাৰণাৰে কৃষি কৰ্মত নিয়োজিত হবলৈ আহ্বান জনাই লগতে কয় কলেজীয়া শিক্ষা যি সকলে সাং কৰিছে তেওঁলোকে কৃষিত মনোযোগ দিলে আত্ম মৰ্য্যদাৰে জীয়াই থাকিবলৈ সক্ষম হব । পথৰুঘাটৰ ৰণ দেশৰ ইতিহাসৰ এটা স্বৰ্ণময় অধ্যয়ন। সাত কুৰি প্ৰতিবাদী হিন্দু মুছলমান কৃষকৰ ৰক্তে ৰঞ্জিত ত্যাগৰ ইতিহাস স্মৰণ কৰি পথৰুঘাটত উদযাপিত হয় কৃষক শ্বহীদ দিৱস।
এই ঐতিহাসিক স্থানত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শ্বহীদক স্মৰণ কৰি শ্বহীদ স্তম্ভত পুষ্পঞ্জলি অৰ্পণ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী গৰাকীয়ে পাঁচ কোটি টকাৰে কৃষি বিভাগৰ জৰিয়তে নিৰ্মাণ কৰা (অসম্পূৰ্ণ হৈ থকা) কৃষি সংহত প্ৰকল্প আৰু দক্ষতা বিকাশ কেন্দ্ৰৰ দ্বাৰ উন্মোচন কৰে। ইয়াৰ পিছতেই মুখ্যমন্ত্ৰী গৰাকীয়ে কৃষি ক্ষেত্ৰত দেখুৱাই পাৰদৰ্শিতাৰ বাবে ৰাজ্য খনৰ বাৰটা উদ্যমী কৃষক আৰু কৃষি গোটত সম্বৰ্ধনা জ্ঞাপন কৰে। এই উপলক্ষে অনুষ্ঠিত মুকলি সভাত অংশ লৈ কৃষি মন্ত্ৰী অতুল বৰাই কৃষকৰ বিভিন্ন আঁচনিয়ে ৰাজ্য খনলৈ ব্যাপক পৰিবৰ্তন আহিছে বুলি কয়। কৃষি কৰ্মই স্বনিয়োজন মূল পথ হব পাৰে কৈ কংগ্ৰেছৰ দিনত ৰাজ্য খন বহুত পিছ পৰি গল বুলি সমালোচনা কৰে। চৰকাৰে সমষ্টিয়ে সমষ্টিয়ে ধান মিল, শীতল ভঁৰাল নিৰ্মাণ কৰা বুলি কয় ।
দুদিনীয়াকৈ অনুষ্ঠিত কৃষক শ্বহীদ দিৱসৰ মুকলিসভাত মঙলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়া, বিজেপি বিধায়ক দ্বয় ক্ৰমে বিনন্দ কুমাৰ শইকীয়া , গুৰুজ্যোতি দাস আদিয়েও ভাষণ প্ৰদান কৰে।
Comments