প্ৰণৱজ্যোতি দত্ত,১ফেব্ৰুৱাৰী:আজি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিব বহু প্ৰতীক্ষিত নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন দ্বিতীয়টো শাসনকালৰ দ্বিতীয়খন সাধাৰণ বাজেট।বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সদনত দাখিল কৰিব ২০২১-২২বৰ্ষৰ সাধাৰণ বাজেট।
ৰাষ্ট্ৰপতিক সাক্ষাত কৰাৰ পাছতে ২০২১-২২বৰ্ষৰ বাজেট দাখিল কৰিব সীতাৰমণে।লকডাউনে বিধ্বস্ত কৰা অৰ্থনীতি পুনৰুদ্ধাৰৰ প্ৰত্যাহ্বানৰ মাজেৰে দাখিল কৰিব লগা এই বাজেট নিৰ্মলা সীতাৰমণৰ বাবে কঠিন প্ৰত্যাহ্বান হৈ পৰিছে৷
সদনত বাজেট দাখিল কৰাৰ পূৰ্বে বিত্ত মন্ত্ৰালয়ৰ বৈঠক সমাপ্ত কৰি ৰাষ্ট্ৰপতি ভৱনলৈ ৰাওনা হৈছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ।বিত্ত মন্ত্ৰালয়ত উপস্থিত হৈছে কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী অনুৰাগ ঠাকুৰো। প্ৰথমবাৰৰ বাবে সংসদত দাখিল হ’ব ছপাবিহীন বাজেট৷
লকডাউনে বিধ্বস্ত কৰা অৰ্থনীতি পুনৰুদ্ধাৰৰ প্ৰত্যাহ্বানৰ মাজেৰে দাখিল কৰিব লগা এই বাজেট নিৰ্মলা সীতাৰমণৰ বাবে কঠিন প্ৰত্যাহ্বান হৈ পৰিছে৷বিত্ত মন্ত্ৰীয়ে দাখিল কৰিবলগীয়া সাধাৰণ বাজেটে সাধাৰণ জনতাক কৰ ৰেহাই দিয়াৰ আশা প্ৰকাশ কৰা হৈছে।
Comments