লালুক,১ ফেব্ৰুৱাৰীঃ শুৱালকুচি আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত কা' বিৰুদ্ধে গণতান্ত্ৰিক ভাবে কৰা প্ৰতিবাদৰ ওপৰত সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰে শুৱালকুচিত ছাত্ৰ সন্থাৰ কৰ্মী লগতে ছাত্ৰীৰ ওপৰত কৰা আক্রমণৰ প্ৰতিবাদত আহ্বান জনোৱাত সমগ্ৰ অসমত প্ৰতি খন আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে লালুক আঞ্চলিক ছাত্র সন্থাই আজি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ ৰূপায়ণ কৰে।
উক্ত প্ৰতিমূৰ্তি দাহ কায্যসূচী লালুক বাছ আস্হানত ৰাজপথত কৰা হয়। উক্ত প্ৰতিবাদী কায্যসূচী দ্বাৰা গৃহ বিভাগক গণতান্ত্রিক প্ৰতিবাদক ময্যদা দিব শিকিব বাবে আহ্বান জনোৱা লগতে গণতান্ত্রিক প্ৰতিবাদকাৰী কৰা আক্রমণক কাপুৰুষ কাম বুলি ধিক্কাৰ দিয়ে। উক্ত প্ৰতিবাদী কায্যসূচীত উত্তৰ লখিমপুৰ মহকুমা ছাত্র সন্থাৰ সহ সম্পাদক অৰুপ জ্যোতি শইকীয়া, লালুক আঞ্চলিক ছাত্র সন্থাৰ সভাপতি দিব্যজ্যোতি গগৈ, সম্পাদক জিন গোস্বামীকে ধৰি লালুক আঞ্চলিক ছাত্র সন্থাৰ সমূহ বিষয়ববীয়া উপস্থিত থাকে।
Comments