অমল গোস্বামীঃ কৰ'নাই দেশত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। দিল্লী, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ আদি বহু কেইখন ৰাজ্যত কৰ'নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱাৰ লগে লগেই এতিয়া নাটনি হৈছে অন্তিম সৎকাৰৰ বাবে শ্মশান তথা সমাধিৰ বাবে ভূমিৰ। বহুতো শ্মশানত আকৌ ইমানেই মৃতদেহ গোট খাইছেহি যে এতিয়া মৃতদেহ সৎকাৰৰ বাবে ঘণ্টাৰ পাছত ঘন্টা অপেক্ষা কৰিবলগীয়া হৈছে৷
শুনিলে আচিৰত যেন লাগিলেও পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰিছে যে, এতিয়া একেখন চিতাতে ৩-৪ টা মৃতদেহ জ্বলাব লগীয়া অৱস্থাৰো সৃষ্টি হৈছে। মহাৰাষ্ট্ৰ, আৰু দিল্লীত প্ৰতি দিনেই একেখন শ্মশানত ৮০/৯০ তকৈ অধিক কৰ'না ৰোগীৰ মৃতদেহ সৎকাৰ কৰিবলগীয়া হৈছে৷ আনহাতে মহাৰাষ্ট্ৰত যোৱা কেইদিনত ইমানেই মৃতকৰ সংখ্যা বৃদ্ধি পাইছে যে, শ্মশানৰ অভাৱ ঘটাত একেখন চিতাত কেইবাজনকো সৎকাৰ কৰিব লগীয়া হৈছে৷ আনকি নিশাৰ ভিতৰতে নতুনকৈ শ্মশান নিৰ্মান কৰি মৃতদেহ সৎকাৰ কৰিব লগীয়াও হৈছে।
সেইদৰে উত্তৰ প্রদেশৰ লক্ষ্ণৌত শ্মশানত মৃতদেহ সৎকাৰ কৰিবলৈ ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিবলগীয়া হৈছে ৷ মধ্যপ্রদেশৰ ভূপালতো ক’ভিড ৰোগীৰ মৃতদেহ সৎকাৰ কৰাৰ বাবে নতুনকৈ শ্মশান নির্মাণ কৰা হৈছে৷ নতুন দিল্লীৰ কেইবাখনো শ্মশানত মৃতদেহ সৎকাৰ কৰাৰ বাবে সময় আৰু স্থানৰ নাটনি হৈছে৷ দেশৰ বিভিন্ন স্থানত দেখা দিয়া এই পৰিস্থিতিয়ে এতিয়া শংকিত কৰি তুলিছে সকলোকে।
Comments