আমগুৰি নিজা বাতৰি দিওঁতা ১৬ এপ্ৰিলঃ আমগুৰিৰ সমীপৰ ধুনীয়া গাঁৱৰ নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত যোৱা ১৪ এপ্ৰিলত ৰঙালী বিহু উপলক্ষত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়৷ সোনাৰাম বৰা আকু সুৰজিত বৰাই আঁত ধৰা অনুষ্ঠানত গাঁৱৰ ত্ৰিশ গৰাকী জেষ্ঠ্য ব্যক্তিক ৰঙালী বহু উপলক্ষত গামোচাৰে সম্বৰ্ধনা জনোৱা হয়৷
গাঁওখনৰ বিভিন্ন কামৰ লগত জড়িত তথা বিশেষ ভাবে সক্ষম ক্ৰমে ভদ্ৰ বৰা দণ্ডীধৰ বৰা মনেশ্বৰ বৰা টেপুৰাম দত্ত তিলক বৰা নোমল হাজৰিকা যোগেন বৰা কনমাই বৰা সৰুছোৱালী হাজৰিকা ভুবন বৰা বিদ্যাধৰ হাজৰিকা পুতলী দত্ত লক্ষী হজৰিকা ভৱ অতুল হাজৰিকা হাজৰিকা কুল বৰুৱা দীপক দত্ত নিৰু হাজৰিকা আদি মুঠ ত্ৰিশ গৰাকী জেষ্ঠ্য পুৰুষ মহিলাক সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠানত শিৱসাগৰ মহাবিদ্যালয় প্ৰবক্তা দিগন্ত বৰা নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সুৰেশ বৰুৱা সম্পাদক হেমন্ত কুমাৰ বৰা উপসভাপতি অনিল বৰা ৰুবুল দত্ত আদি উপস্থিতত আছিল৷ অনুষ্ঠানত উপস্থিত নথকা ব্যক্তি সকলক পৰিচালনা সমিতিৰ এটি দলে ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰে৷
Comments