Choose Language

  • All  
  • English
  • অসমীয়া
0
0
4890

ৰেমডেছিভিৰৰ অবৈধ মজুতিকৰণ : উচ্চ ন্যায়ালয়ৰ জাননী


Published on April 21, 2021 | News Source: বিজয় শংকৰ বৰা
Share This Page
Related Stories

হোম কোৱৰেণ্টিন হ'ল দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল 


Published on April 20, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী,২০ এপ্ৰিল:  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল ক'ভিড-১৯ ত আক্রান্ত হোৱাৰ পিছত মুখ্যমন্ত্রী গৰাকীয়ে নিজকে পৃথককৈ ৰাখে। ইতিমধ্যে মুখ্যমন্ত্রী গৰাকীৰ পত্নীয়ে নিজকে বাসগৃহত নিলগাই ৰাখিছে। 

দেশৰ ৰাজধানী খনত কৰ'না ভাইৰাছৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি হোৱাৰ পিছত সোমবাৰে নিশা দিল্লী চৰকাৰে দিয়া ছয় দিনীয়া লকডাউন ইতিমধ্যে সুচাৰুৰূপে চলি আছে। চৰকাৰী তথ্য  অনুসৰি দেশৰ ভিতৰত দিল্লীয়ে হৈছে সৰ্বাধিক ক'ভিড-১৯ মহামাৰীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা চহৰ।
 

ভাৰত চৰকাৰে ক'ভিডৰ বিৰুদ্ধে যুদ্ধখনত সামৰিক বাহিনীৰ সক্ৰিয় সহযোগিতা বিচাৰিছে


Published on April 20, 2021|News Source : বিজয় শংকৰ বৰা

গুৱাহাটী, ২০ এপ্ৰিলঃ দেশৰ অতিশয় ভয়াবহ ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰক্ষিতত ভাৰত চৰকাৰে ক'ভিডৰ বিৰুদ্ধে যুদ্ধখন  আৰু সবল কৰিবলৈ দেশৰ সামৰিক বাহিনীৰ সক্ৰিয় সহযোগিতা বিচাৰিছে।


এই সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰি সামৰিক ঘাটি আৰু প্ৰতিৰক্ষা সম্পৰ্কীয় বিভিন্ন অনুষ্ঠানত ক'ভিড শুশ্ৰূষা কেন্দ্ৰ স্থাপন কৰা, জৰুৰী ক্ষমতা ব্যৱহাৰ কৰা,  সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত চিকিৎসক আৰু নাৰ্চৰ সেৱা বিচৰা আদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে।


ৰাজনাথ সিঙে ইতিমধ্যে সংশ্লিষ্ট সেনা বিষয়াক লক্ষ্ণৌ, বাৰানসী আৰু আহমেদাবাদত ক্ৰমান্বয়ে ৪৫০ খন বিচনাযুক্ত, ৭৫০ খন বিচনাযুক্ত আৰু ৯০০ বিচনাযুক্ত ক'ভিড হস্পিতাল স্থাপন কৰিবলৈ নিৰ্দেশ দিছে।


ইতিমধ্যে ডিফেঞ্চ ৰিৰ্ছাচ এণ্ড ডেভিলপমেণ্ট অৰ্গেনাইজেছনে দিল্লীত ২৫০ খন বিচনাযুক্ত ক'ভিড হস্পিতাল স্থাপন কৰিছে। প্ৰয়োজন সাপেক্ষে এই হস্পিতাল খনৰ ক্ষমতা ১০০০ খন বিচনালৈ উন্নিত কৰিব পৰা হ'ব।

Cartoon
View Older

 

May 18, 2021



North-East
View Older

From Our Archive

Create Account