Choose Language

  • All  
  • English
  • অসমীয়া

জুন-জুলাইত ৰাজ্যিক কৰ্মচাৰীয়ে নাপাব নেকি দৰমহা?


Published on April 21, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

ষ্ট্ৰং ৰুমৰ নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰক: ৰিপুন বৰা


Published on April 7, 2021|News Source : ৰাহুল ডেকা,(ফটো: ৰেব কুমাৰ বৰা)

গুৱাহাটী,৭ এপ্ৰিল: অসম কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই বুধবাৰে নিৰ্বাচন আয়োগক অনাগত বিধানসভা নিৰ্বাচনৰ ইভিএম ৰখা ষ্ট্ৰং ৰুম সমূহত চি.চি.টি.ভিৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰিছে ।

তেওঁ কৈছিল যে: "বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ পিছত ই ভি এম সম্পৰ্কীয় বহুতো বিষয় পোহৰলৈ আহিছিল, ই.চিয়ে আমাক আশ্বাস দিছিল যে তৃতীয় পৰ্যায়ত এনে কোনো ঘটনা সংঘটিত নহ'ব। কিন্তু আমি কালি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সময়তো ব্যক্তিগত বাহনত ই ভি এম পৰিবহন কৰা বুলি ধৰা পৰা বুলি খবৰ পাইছো। আমি ভাবিছিলো যে ই.চিয়ে ইয়াৰ ভুলবোৰৰ পৰা শিকিব, কিন্তু আমি ভুল কৰিছিলোঁ। ই প্ৰমাণ কৰে যে ই.চিয়ে বিজেপিৰ নিৰ্দেশনা অনুসৰি কাম কৰে। এইটো নিৰপেক্ষ নহয়।" 

"ভোটদান চলি থকা সময়ত কেইবাঠাইতো নিৰাপত্তাকৰ্মী অবিহনে নিৰ্বাচনী বিষয়াসকলক কি পৰিস্থিতিত ই ভি এম পৰিবহন কৰিবলৈ দিয়া হৈছিল সেয়া নিৰ্বাচনী সংস্থাই স্পষ্ট কৰা উচিত", বৰাই কয়।

বৰাই লগতে অভিযোগ কৰে যে নিৰ্বাচন আয়োগে বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে দাখিল কৰা অভিযোগৰ ওপৰত ব্যৱস্থা ল'বলৈ অস্বীকাৰ কৰিছে আৰু বিজেপিৰ নিৰ্দেশনা অনুসৰি ইচিয়ে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে।

Cartoon
View Older

 

May 6, 2021


Entertainment
View Older


From Our Archive

Create Account