Choose Language

  • All  
  • English
  • অসমীয়া

এদিনতে ভাৰতত কৰ'নাত ২,১০৪ গৰাকী লোকৰ মৃত্যু:এদিনতে আক্ৰান্ত ৩,১৪,৮৩৫ জন লোক


Published on April 22, 2021 | News Source: প্ৰণৱজ্যোতি দত্ত
Share This Page
Related Stories

কৰ'নাৰ নতুন লক্ষণ সমূহ জানে নে? জানি লওঁক আৰু সাৱধানতা অৱলম্বন কৰক


Published on April 22, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী,২২ এপ্ৰিল:বিশ্বৰ সকলো দেশক চেৰ পেলাই ভাৰতত এদিনতে সৰ্বাধিক সংখ্যক লোক কৰ’নাত আক্ৰান্ত।ক’ভিডৰ দ্বিতীয়টো ঢৌ ভাৰতৰ বাবে অধিক সৰ্বনাশী হৈ পৰিছে।ভাৰতত কৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে।দেশত এদিনতে তিনি লাখতকৈ অধিক লোক কোভিডত আক্ৰান্ত হৈছে।

কিন্তু সময়ৰ লগে লগে কৰ'না ভাইৰাছৰ সংক্ৰমণৰ লক্ষণসমূহ সলনি হ’বলৈ ধৰিছে।পূৰ্বে যিবোৰ লক্ষণ দেহত দেখা দিলে কৰ'না হোৱাৰ সম্ভাৱনা আছিল সেইবোৰ সম্পূৰ্ণ ৰূপে সলনি হৈছে।কৰ'নাৰ প্ৰথম ঢৌৰ বিপৰীতে দ্বিতীয় ঢৌ সম্পূৰ্ণ পৃথক।কৰ'নাৰ দ্বিতীয় ঢৌৰ লক্ষণ সমূহো পূৰ্বতকৈ সলনি হৈছে।যাৰ বাবে সকলো বিশেষ চিন্তিত হৈ পৰিছে।

কৰ'নাৰ প্ৰথম ঢৌৰ সংক্ৰমণৰ লক্ষণসমূহ আছিল কাহ, দুৰ্বল অনুভৱ কৰা,খাদ্যৰ সুৱাদ নোপোৱা,মাংসপেষীৰ বিষ, নাকেৰে গোন্ধ নপোৱা,পানীলগা, জ্বৰ আদি।কিন্তু কৰ'নাৰ দ্বিতীয় ঢৌত নতুন নতুন লক্ষণ দেখা পোৱা গৈছে বুলি চিকিৎসক সকলে মন্তব্য কৰিছে।

চিকিৎসক সকলে দেখা পোৱা কৰ'নাৰ নতুন লক্ষণ সমূহ হ’ল--গাঠি আৰু মাংসপেশীৰ বিষ,ডায়েৰিয়া,নখৰ ৰং সলনি হোৱা,ডিঙিৰ সুৰসুৰনি,চকু জ্বলা পোৰা,মূৰৰ বিষ, পেটৰ বিষ,ৰিগিং ছাউণ্ড শুনিবলৈ পোৱা আদি।

উল্লেখযোগ্য যে,ভাৰতত কৰ’না ভাইৰাছৰ জিনম ছিকুৱেঞ্চিঙৰ পৰা এই কথা জানিব পৰা গৈছে যে দেশখনত কৰ’নাৰ দুটা বিশেষ ৰূপ ক্রমে এল৪৫২ আৰ আৰু ই৬৮১ আৰ মিলি বি.১.৬১৭ নামৰ নতুন ৰূপ লৈছে৷

Cartoon
View Older

 

May 19, 2021




From Our Archive

Create Account