Choose Language

  • All  
  • English
  • অসমীয়া
0
0
4883

চীনৰ ৰাষ্ট্ৰদূত থকা হোটেলত বিস্ফোৰণঃ ৪ জন নিহত, ১২ আহত


Published on April 22, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

ক'ভিড-১৯: অসমত প্ৰৱেশ কৰা লোকসকলে ৭ দিনৰ হোম কোৱৰেন্টিনত থকাতো বাধ্যতামূলক


Published on April 22, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী,২২ এপ্ৰিল: ৰাজ্যখনত ক'ভিড-১৯ ৰ বৰ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বাহিৰৰ ৰাজ্যৰ পৰা অসমত প্ৰবেশ কৰা লোকসকলক সাত দিনৰ বাবে ঘৰত নিজক নিলগাই ৰখাতো বাধ্যতামূলক বুলি ঘোষণা কৰে। ৰাজ্য চৰকাৰে বুধবাৰে এক জাননী যোগে কয় যে, "ৰাজ্যৰ বাহিৰৰ পৰা বিমান আৰু ৰে'লযোগে অহা যাত্ৰীসকলে ক'ভিড পৰীক্ষা কৰাৰ লগতে সাত দিনৰ বাবে হোম কোৱৰেন্টিনত থকাতো বাধ্যতামূলক হ'ব।" অৱশ্যে, চৰকাৰী বিষয়াসকল আৰু চিকিৎসাজনিত কাৰণত ভ্ৰমণ কৰা লোকসকলক ইয়াৰ পৰা ৰেহাই দিয়া হ'ব বুলি অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জানিবলৈ দিয়ে।

ৰাজ্যখনৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কয় যে, স্বাস্থ্য বিভাগে ৰাজ্যৰ ৰাজধানীৰ প্ৰতিটো ৱাৰ্ডত স্ক্ৰীণিং কেন্দ্ৰ বৃদ্ধি কৰি ক'ভিড পৰীক্ষাৰ কাম সুচাৰুৰূপে অব্যাহত ৰাখিছে। লগতে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয়, স্বাস্থ্য বিভাগে গুৱাহাটী মহানগৰৰ প্ৰতিটো ৱাৰ্ডত ক'ভিড-১৯ পৰীক্ষাৰ বাবে স্ক্ৰীণিং চেণ্টাৰৰ সুবিধা বৃদ্ধি কৰি আছে। বাহিৰৰ পৰা অহা যাত্ৰীসকলে আৰটি-পিচিআৰ বা ৰেপিড এণ্টিজেন পৰীক্ষা কৰি অসুবিধা নোহোৱাকৈ অসমত প্ৰৱেশ কৰিব পাৰে। যদি গুৱাহাটীত দৈনিক ক'ভিড আক্রান্তৰ হাৰ ১,০০০ টা স্পৰ্শ কৰে, তেন্তে কামৰূপ মহানগৰ জিলা প্ৰশাসনক শিক্ষানুষ্ঠান আৰু হোষ্টেল বন্ধ কৰাৰ বাবে স্বাস্থ্যমন্ত্রী গৰাকীয়ে নিৰ্দেশ দিয়ে। 

অসমত যোৱা ২৪ ঘণ্টাত ১,৬৬৫ জন লোক নতুনকৈ ক'ভিড-১৯ত আক্রান্তৰ হৈছে। ইয়াৰে ২৯৭ জন লোক ক'ৰনামুক্ত হৈ ঘৰমুৱা হৈছে যদিও ৫ জন ৰোগীয়ে মৃত্যুবৰণ কৰিব লগীয়া হৈছে। বৰ্তমানলৈ ৰাজ্যখনত ক'ভিড-১৯ ত আক্রান্ত হৈ হোৱা মৃত্যু সংখ্যা ১,১৫০ টা লৈ বৃদ্ধি হৈছে।  ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে ১ মে'ৰ পৰা আৰম্ভ হ'বলগীয়া টিকাকৰণ অভিযানৰ তৃতীয় পৰ্যায়ত কৰ'না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ সকলোকে বিনামূলীয়াকৈ টিকা প্ৰদান কৰা হ'ব।

Cartoon
View Older

 

May 16, 2021



North-East
View Older

From Our Archive

Create Account