Choose Language

  • All  
  • English
  • অসমীয়া

আমেৰিকাৰ পৰীক্ষাগাৰত সৃষ্টি হৈছিল 'ফেঙ্কেনষ্টাইন’ হৈ পৰাৰ সম্ভাৱনা থকা মানৱ-বান্দৰ


Published on April 22, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

এইবাৰ ক'ভিডত কিয় আক্ৰান্ত হৈছে অধিক শিশু? কি কি ল'ব সাৱধানতা?


Published on April 20, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,২০ এপ্ৰিল: বিশ্বৰ লগতে ভাৰতৰ ক'ভিড-১৯ সংক্ৰমণত এইবাৰ বৃহৎ সংখ্যক শিশু আক্ৰান্ত হৈছে । দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ (এন.চি.আৰ) চিকিৎসকসকলে নিশ্চিত কৰিছে যে আনকি এইবাৰ নৱজাতকেও ক'ভিড-১৯ ত আক্ৰান্ত হৈছে, অৱশ্যে তেওঁলোকৰ অৱস্থা নিয়ন্ত্ৰণত থাকে বা কেতিয়াবাহে মাৰাত্মক হয়।

ক'ভিডত ৫-১২ বছৰ বয়সৰ ভিতৰত শিশুৰ ক্ষেত্ৰত অধিক বিপদাশংকা থাকে। দিল্লীৰ মধুকৰ ৰেইনব' শিশু চিকিৎসালয়ত এসপ্তাহৰ ভিতৰতেই ক'ভিডৰ ৫০ টা শিশু ৰোগীক চিনাক্ত কৰিছে ।

উক্ত চিকিৎসালয়ৰ ডাঃ প্ৰবীণ খিলনানীয়ে কয় "২০২০ চনৰ তুলনাত পৰিস্থিতি সঁচাকৈয়ে উদ্বেগজনক। এইবাৰ কম বয়সৰ লোকৰ সৈতে বহুত বেছি শিশু ৰোগীৰো ক'ভিড পজিটিভ হৈছে। অভিভাৱকসকলে সকলো সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু প্ৰয়োজন হ'লে চিকিৎসাৰ পৰামৰ্শ ল'ব লাগিব"।


শিশুৰ ক্ষেত্ৰত ক'ভিড কেনেকৈ ভয়ংকৰ ৰূপ লৈছে?


১. ভাইৰাছৰ নতুন মিউটেন্ট স্ট্ৰেইন
২. পৰিয়ালত সাৱধানতাৰ অভাৱ
৩. দুৰ্বল এলেকাবোৰত বৰ্ধিত জনসংস্পৰ্শ
৪. শিশুৰ বাবে কোনো ভেকছিন নাই

এজন জ্যেষ্ঠ পৰামৰ্শদাতা শিশু ৰোগ বিশেষজ্ঞ ডাঃ সঞ্জীৱ বাগাই কৈছে যে "কৰ'না ভাইৰাছৰ নতুন মিউটেন্ট স্ট্ৰেইন অধিক ধ্বংসাত্মক,যোৱা বছৰ সমগ্ৰ বিশ্বতে প্ৰায় ১১ শতাংশ শিশু প্ৰভাৱিত হৈছিল। কিন্তু এই বছৰ, বিশ্বব্যাপী আমি পজিটিভ ঘটনাবোৰৰ ভিতৰত প্ৰায় ২০-৪০ শতাংশ শিশুকেই দেখিছোঁ। টি-চেল ৰোগ প্ৰতিৰোধৰ ক্ষমতা, ডিঙিৰ নাকৰ পথত এচ ৰিচেপ্টৰৰ অভাৱ, আৰু অন্যান্য সুৰক্ষামূলক প্ৰ'টিনে কাম নকৰাৰ বাবে এনেধৰণৰ সমস্যাই দেখা দিছে,শিশুসকলক জন সমাগম হৈ থকা এলেকালৈ লৈ নোযোৱাটোৱে শ্ৰেয় । গেষ্ট্ৰোইনটেস্টাইনেল কঞ্জাক্টিভাইটিছ, ভেস্কুলাইটিছ হোৱা লক্ষণবোৰ উপেক্ষা কৰাটো ভুল ।"

শিশুসকলৰ বাবে টিকাকৰণ এতিয়াও উপলব্ধ নহয় ।

শিশুৰ ক্ষেত্ৰত কোভিডৰ লক্ষণ:


ডায়েৰিয়া,বমি,চকুৰ সংক্ৰমণ,ভাস্কুলাইটিছ,জ্বৰ,কাহ

যদি পিতৃ-মাতৃ/সন্তান পজিটিভ হয় তেন্তে কি কৰিব?
ডাঃ বাগাই অসুখী শিশুক বিতং পৰীক্ষা অবিহনে এণ্টিবায়টিক প্ৰয়োগ কৰাৰ বিৰুদ্ধে সতৰ্ক কৰে আৰু শিশুটোৰ বাবে তাৎক্ষণিক চিকিৎসাৰ পৰামৰ্শ দিয়ে।

তেওঁ লগতে কয়,"গুৰুতৰ লক্ষণবোৰৰ প্ৰতি বিলম্বিত সঁহাৰিৰ ফলত শিশুৰ ক্ষেত্ৰত মাল্টিচিষ্টেম ইনফ্লেমেটৰী চিণ্ড্ৰোম হ'ব পাৰে (এম.আই.এছ.-চি.)।"


দিল্লীৰ এজন চিকিৎসকে লগতে যোগ দিছিল "এতিয়ালৈকে কোনো অধ্যয়নে দেখুৱাই নাই যে পজিটিভ মাতৃৰ মাতৃদুগ্ধই শিশুটোলৈ ভাইৰাছ বিয়পাব পাৰে। সেয়েহে, মাতৃসকলে গাখীৰ খুৱাব পাৰে, কিন্তু সকলো সময়তে মুখা পিন্ধোটো বাধ্যতামূলক । লগতে, গাখীৰ খোৱা হোৱাৰ পিছত শিশুৰ পৰা যিমান সম্ভৱ শাৰীৰিক দূৰত্ব বজাই ৰাখিব লাগিব । স্তন্যপান কৰাই থকা মাতৃসকলৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ," ।

কি পদ্ধতিৰে আহৰণ কৰা হয় প্লাজমা? কোনে কোনে দিব পাৰিব প্লাজমা?


Published on April 22, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,২২ এপ্ৰিল: প্লাজমা থেৰাপি হৈছে কভিড -১৯ ৰোগৰ চিকিৎসাৰ এক প্ৰক্ৰিয়া। প্লাজমা বোৰ এণ্টিবডীৰে গঠিত, যিবোৰ ৰোগ প্ৰতিৰোধ প্ৰণালীৰ ‘বি’ কোষৰ পৰা আহৰণ কৰা হয়। এই কোষ বোৰ দেহৰ ৰক্ত বা আন তন্তু বা তৰলত থাকে। কভিড-১৯ ৰোগৰ পৰা আৰোগ্য হোৱা ব্যক্তি এজনৰ পৰা এই প্লাজমা আহৰণ কৰা হয়। 

প্লাজমাত সেই এণ্টিবডী থাকে যি ৰোগী এজনক ভাইৰাছ বা যিকোনো বীজাণুৰ সৈতে যুঁজিবলৈ আৰু ৰোগৰ পৰা আৰোগ্য হোৱাত সহায় কৰিব পাৰে।

প্লাজমা কোনে দান কৰিব পাৰে? 

প্লাজমা দাতা হ'বলৈ, কেইবাটাও চৰ্ত আছে,

প্ৰথমতে, দাতাসকলে কোভিড নিগেটিভ হ'ব লাগিব । বিগত ১৪ দিন ধৰি তেওঁলোকৰ কোনোধৰণৰ লক্ষণ থাকিব নালাগিব । 

দাতাৰ প্লাজমাত উচ্চ এণ্টিবডী স্তৰ থাকিব লাগিব। 

এজন দাতা আৰু ৰোগীৰ তেজৰ গ্ৰুপ মিলিব লাগিব। প্লাজমা দান কৰাৰ সময়ত, ইয়াক অন্যান্য সংক্ৰামক ৰোগ, যেনে এইচ.আই.ভি.-ৰ বাবেও পৰীক্ষা কৰা হয়। 

প্ৰতিজন দাতাৰ একৰ পৰা তিনিজন ৰোগীৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত প্লাজমা দেহত প্ৰস্তুত হয়। 

প্লাজমা দান কৰিলে দাতাৰ ৰোগ প্ৰতিৰোধ প্ৰণালী দুৰ্বল হ'ব নহয়, বা দাতাক ভাইৰাছৰ দ্বাৰা পুনৰ সংক্ৰমিত হোৱাৰ সম্ভাৱনা অধিক নহয়।

Ad
Cartoon
View Older

 

March 2, 2023

most read news



    Create Account