Cartoon
View Older
গুৱাহাটী, ২৫ এপ্ৰিলঃ আজি অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংকট জনক কভিড পৰিস্থিতিৰ মোকাবিলাৰ বাবে সহায়ক হ’ব পৰাৰ পদক্ষেপ হিচাপে গুৱাহাটীৰ সমীপৰ পলাশবাৰীস্থ ছানফাৰ্মা গোটৰ উৎপাদনস্থলীত উপস্থিত হয়। তেওঁ টুইটাৰ যোগে জনায় যে ছানফাৰ্মাৰ উক্ত গোটত প্ৰতি সপ্তাহত ৮০ হেজাৰ ৰেমডেছিভিৰ ভায়েল উৎপাদন কৰিব পৰাৰ ক্ষমতা আছে সেয়েহে তেওঁলোকক উৎপাদন বৃদ্ধিৰ বাবে অনুৰোধ কৰে। ছানফাৰ্মা কৰ্তৃপক্ষই অসমক সহায় কৰিব বুলি কথা দিয়ে আৰু ই ৰাজ্যখনৰ বাবে এক বৃহৎ সকাহ।
Comments