গুৱাহাটী,২৫ এপ্ৰিল: ব্ৰিটেইনৰ 'ৱেইষ্টএইড' নামৰ বেচৰকাৰী সন্থাৰ উদ্যোগত বিশ্বজুৰি শূন্য-আৱৰ্জনাৰ প্ৰত্যাহ্বানত জৰ্জৰিত চহৰসমূহক সাঙুৰি পুৱৰনৱীকৰণৰ বৈপ্লৱিক ধাৰণা আগবঢ়োৱা ব্যক্তি সকলক উৎসাহিত কৰি অহা হৈছে। এই ব্যক্তি সকলে আৱৰ্জনাৰে জৰ্জৰিত চহৰ সমূহৰ বিকল্প পদ্ধতি তৈয়াৰ কৰি জাৱৰ নিষ্কাশনত সহায় কৰি আহিছে। সম্প্ৰতি 'ৱেইষ্টএইড'ৰ তথ্য অনুসৰি গুৱাহাটী মহানগৰ বৰ্তমান এচিয়াৰ অন্যতম এখন চহৰ হৈ পৰিছে যিয়ে শূন্য আৱৰ্জনাৰ সৈতে প্ৰত্যাহ্বান কৰিবলগীয়া হৈছে। উপযুক্ত নৱীকৰণ পদ্ধতি অথবা পুনৰ উৎপাদন যন্ত্ৰৰ অভাৱত গুৱাহাটী প্লাষ্টিক জাতীয় আৱৰ্জনাৰে ভৰি পৰিছে।
এই সমস্যাটোৰ ওপৰত অন্তৰ্ভুক্ত কৰা এছিয়াৰ আন এখন মহানগৰ হৈছে ভিয়েটনামৰ হ' চি মিন মেট্ৰ'পলিচ, লগতে তৃতীয়খন চহৰ হৈছে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গ। সম্প্ৰতি সন্থাটিয়ে আৱৰ্জনা নিষ্কাশনৰ নতুন বৈপ্লৱিক ধাৰণা আগবঢ়োৱা ব্যক্তি সকলৰ বাবে নগদ পুৰষ্কাৰৰ ব্যৱস্থা কৰিছে। চহৰসমূহৰ অৰ্থনৈতিক ব্যৱস্থা আৰু সামগ্রিক জীৱন প্ৰণালীত এক গতি লগাবলৈ তথা আৱৰ্জনাৰে ভৰা চহৰসমূহৰ সৌন্দর্য ঘূৰি অহাৰ বাবে সন্থাটিয়ে এই পদক্ষেপ হাতত লয়।
ৱেইষ্টএইডৰ মিচেল উইলচনে উল্লেখ কৰা অনুসৰি, "শূন্য আৱৰ্জনাৰ প্ৰত্যাহ্বানেৰে জৰ্জৰিত প্ৰত্যেকখন চহৰৰ পৰিৱেশ উন্নত কৰা দুজনকৈ বিজয়ীক ৯ লাখ টকাকৈ পুৰষ্কাৰ হিচাপে প্ৰদান কৰিব। যাতে উক্ত ধনৰাশিৰে বিজয়ী প্ৰতিযোগীৰ আৱৰ্জনা নিষ্কাশনৰ চিন্তাধাৰাক বাস্তবায়িত কৰাত সহায় কৰে।"
Comments