Choose Language

  • All  
  • English
  • অসমীয়া

কৰ'নাৰ সৈতে যুঁজিবলৈ গুগলে ভাৰতক দিলে ১৩৫ কোটি টকাৰ আৰ্থিক সাহাৰ্য্য 


Published on April 26, 2021 | News Source: প্ৰণৱজ্যোতি দত্ত
Share This Page
Related Stories

সদ্যপ্ৰয়াত কণ্ঠশিল্পী ভিতালী দাসৰ জ্যেষ্ঠ ভাতৃ পৰাগ দাসৰ মৃত্যু


Published on April 26, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী,২৬ এপ্ৰিল:সদ্যপ্ৰয়াত কণ্ঠশিল্পী ভিতালী দাসৰ জ্যেষ্ঠ ভাতৃ পৰাগ দাসৰ মৃত্যু হৈছে।গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত পৰাগ দাসে শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখযোগ্য যে,ভিটালী দাসৰ মৃত্যু হোৱাৰ খবৰ পোৱাৰ দিনাই বাথৰূমত পৰিছিল পৰিছিল জ্যেষ্ঠ ভাতৃ পৰাগ দাস।ভগ্নীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে মানসিক ভাৱে ভাগি পৰিছিল তেওঁ।

অৱশ্যে আন বেমাৰতো আক্ৰান্ত হৈ আছিল পৰাগ দাস।তাৰ পিছতে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰা হৈছিল।

ক’ভিডক লৈ উদ্বিগ্ন মুখ্য সচিব জিষ্ণু বৰুৱা:সকলোকে ক’ভিড বিধি পালন কৰিবলৈ আহ্বান


Published on April 26, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী,২৬ এপ্ৰিল:সমগ্ৰ দেশৰ লগতে অসমতো কৰ'নাৰ সংক্ৰমন অব্যাহত আছে।দেওবাৰৰ দিনটোত অসমত আকৌ ১,৮৪৪জনৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভ।অসমত এতিয়াও কৰ'নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৫,৪৭০জন ৰোগী।ৰাজ্যৰ ক’ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে মুখ্য সচিব জিষ্ণু বৰুৱা।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য সচিব জিষ্ণু বৰুৱায় কয় যে,"বৰ্তমান অসমৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও অহা এক সপ্তাহ-দহ দিনত পৰিস্থিতি কোন ফালে গতি কৰে কোৱা টান।যাৰ বাবে আমি সজাগ আৰু সাৱধান হোৱাৰ উপৰি চৰকাৰী গাইড লাইন মানি চলিব লাগিব।

অন্যথা পৰিস্থিতি কি হ’ব কোনেও ক’ব নোৱাৰে।কিয়নো পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈ পৰিলে তেতিয়া কৰাৰ একো উপায় নাথাকিব।"উল্লেখযোগ্য যে,তেওঁ সকলোকে ক’ভিড বিধি পালন কৰাৰ আহ্বান জনায়।

Cartoon
View Older

 

May 6, 2021


Entertainment
View Older


From Our Archive

Create Account