Choose Language

  • All  
  • English
  • অসমীয়া

ক’ভিড-১৯ত ক্ষতিগ্রস্তলৈ বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰৰ এক কোটি টকাৰ আর্থিক সাহায্য 


Published on April 26, 2021 | News Source: প্ৰণৱজ্যোতি দত্ত
Share This Page
Related Stories

কৰ'নাৰ সৈতে যুঁজিবলৈ গুগলে ভাৰতক দিলে ১৩৫ কোটি টকাৰ আৰ্থিক সাহাৰ্য্য 


Published on April 26, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী,২৬ এপ্ৰিল:কৰ'না ভাইৰাছৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি হোৱা দেখা পোৱা গৈছে।ক’ভিডৰ দ্বিতীয়টো ঢৌ ভাৰতৰ বাবে অধিক সৰ্বনাশী হৈ পৰিছে।ভাৰতত কৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে।

দেশত দেওবাৰৰ দিনটোত কভিড পজিটিভৰ সংখ্যাই ৩ লাখ ৫০ হাজাৰৰ সীমা অতিক্ৰম কৰিলে।কিন্তু ইয়াৰ মাজতেই ভাৰতক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিশ্বৰ বহুকেইখন দেশ।

উল্লেখযোগ্য যে,এইবাৰ ভাৰতক সহায়ৰ বাবে আগবাঢ়ি আহিছে গুগলৰ লগতে মাইক্ৰচফ’টৰ দৰে বিশ্বৰ আগশাৰী প্ৰতিষ্ঠান।কৰ'নাৰ সৈতে যুঁজিবলৈ গুগলে ভাৰতক ১৩৫ কোটি টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিছে।

ইতিমধ্যে গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচায়ে এই কথা ঘোষণা কৰিছে।আনহাতে মাইক্ৰচফ’টৰ মুখ্য কাৰ্যবাহী বিষয়া সত্য নাদেলাইও ভাৰতক সহায় কৰা বুলি জানিবলৈ দিছে।

২৪ ঘণ্টাৰ ভিতৰত স্থিতি স্পষ্ট নকৰিলে অ’ এন জি চিৰ সকলো কাম-কাজ বন্ধৰ হুংকাৰ


Published on April 26, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী,২৬ এপ্ৰিল:এতিয়াও শুংসূত্ৰ নাই আলফা(স্বাধীন)-এ অপহৰণ কৰি নিয়া অ’ এন জি চিৰ কর্মচাৰী তথা তিতাবৰ মহকুমাৰ বৰহোলাৰ যুৱক ৰিতুল শইকীয়াৰ।ৰিতুল শইকীয়াৰ উদ্বিগ্নতাত সময় পাৰ কৰিছে পৰিয়ালবৰ্গই।কোলাত ৪মহীয়া কেঁচুৱা লৈ ৰিতুল শইকীয়াৰ পত্নী শতাব্দী শইকীয়াৰ ডঃ হিমন্ত বিশ্ব শৰ্মাক প্ৰচেষ্টা গ্ৰহণৰ কাতৰ আহ্বান জনাইছে।

উল্লেখযোগ্য যে, ৰিতুল শইকীয়াক সোঁ-শৰীৰে উদ্ধাৰৰ দাবী উত্থাপন কৰি  ৯টাকৈ সংগঠনৰ বিষয়ববীয়াই তেওঁৰ বাসগৃহত এক যুটীয়া সংবাদ মেল সম্বোধন কৰে৷

চুতীয়া যুৱ সন্মিলন, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ,কৃষক মুক্তি সংগ্রাম সমিতি, ছাত্র মুক্তি সংগ্রাম সমিতি, যুৱ–ছাত্র পৰিষদ, চুতীয়া ছাত্র সন্থা,বীৰ লাচিত সেনা,অসম চাহ জনজাতি ছাত্র সন্থাৰ বিষয়ববীয়াসকলে সংবাদ মেলত ৰিতুল শইকীয়া সন্দর্ভত অসম চৰকাৰৰ গৃহ বিভাগে ২৪ ঘণ্টাৰ ভিতৰত স্থিতি স্পষ্ট নকৰিলে অ’ এন জি চিৰ সকলো কাম-কাজ বন্ধ কৰি দিবলৈ বাধ্য হ’ব বুলি হুংকাৰ দিছে৷

সংবাদ মেলৰ যোগেদি দল-সংগঠনসমূহে বৰহোলা আৰক্ষীৰ যোগেদি পাঁচটা দাবীসম্বলিত এখন স্মাৰক পত্র অসম চৰকাৰৰ গৃহ বিভাগলৈ প্রেৰণ কৰে৷

Cartoon
View Older

 

May 13, 2021




From Our Archive

Create Account