Choose Language

  • All  
  • English
  • অসমীয়া
Breaking News
0
0
5250

গুগলৰ কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইৰ কেইটামান আকৰ্ষণীয় কথা


Published on April 26, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

গুগলৰ আকৰ্ষণীয় ডুডল,জনালে সকলোকে ধন্যবাদ


Published on April 26, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,২৬ এপ্ৰিল:গুগল ডুডলে এক বিশেষ ধৰণে ধন্যবাদ জনাই কৰ'না ভাইৰাছ সংকটৰ সময়ত যুদ্ধ কৰি থকা জৰুৰীকালীন সেৱাৰ কৰ্মীসকলক আৰু ইয়াৰ গৱেষক সকলক ।

আজিৰ দিনটোৰ এনিমেটেড গুগল ডুডলত এটা হৃদযন্ত্ৰৰ ইম'জি আছে, যি মৰম আৰু সন্মানক প্ৰতিনিধিত্ব কৰে, যাক "সকলো ৰাজহুৱা স্বাস্থ্য কৰ্মী আৰু বৈজ্ঞানিক সম্প্ৰদায়ৰ গৱেষকসকললৈ" প্ৰেৰণ কৰা হৈছে। 

তেওঁলোকে লগতে কৈছে যে ধন্যবাদ হৈছে তেনেই এটা সাধাৰণ কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ কথা বা উৎসাহজনক মন্তব্য । সকলোৱে এই ধন্যবাদ বিপদৰ সময়ত আমাৰ বাবে কাম কৰি থকা লোকসকলক দিয়া উচিত। 

লগতে সকলোকে ঘৰত থাকিবলৈ আৰু জৰুৰী কালীন অৱস্থাতহে বাহিৰলৈ ওলাই যোৱাৰ বাবে আহ্বান জনাইছে । ইয়াৰ উপৰিও সামাজিক দূৰত্ব বজাই ৰাখিবলৈও পৰামৰ্শ দিয়া হৈছে যাতে মাৰাত্মক কৰ'না ভাইৰাছৰ বিস্তাৰ নিয়ন্ত্ৰণ কৰিব পাৰি।


Published on January 1, 1970|News Source :

ভাৰতক গুগলে দিয়া ১৩৫ কোটি টকা কোনে আৰু কেনেকৈ পাব?


Published on April 26, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,২৫ এপ্ৰিল:ভাৰতত ক'ভিড-১৯ সংক্ৰমণ অভূতপূৰ্ব বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত গুগলে চিকিৎসা সামগ্ৰীৰ যোগানৰ বাবে আৰু আক্ৰান্ত সকলক সহায় কৰিবলৈ ১৩৫ কোটি টকাৰ পুঁজি প্ৰদান কৰিব । এই কথা জনাই গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইয়ে ।

পিচাইৰ ভাৰতৰ পুঁজি সন্দৰ্ভত দিয়া টুইটটোত এটা ব্লগৰ লিংক আছিল য'ত গুগলে অৱনতিশীল পৰিস্থিতিৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁলোকৰ প্ৰচেষ্টাত সহায় কৰাৰ উপায়বিলাকৰ বিতংভাৱে বিৱৰণ দিছিল ।

ব্লগত গুগল ইণ্ডিয়াৰ দেশৰ মুৰব্বী আৰু ভিপি সঞ্জয় গুপ্তাই লিখিছে, "আজি আমি ভাৰতৰ বাবে ১৩৫ কোটি টকা (১৮ নিযুত আমেৰিকান ডলাৰ) ঘোষণা কৰিছো। ইয়াত অন্তৰ্ভুক্ত আছে গুগলৰ জনহিতকৰ শাখা Google.org পৰা দুটা অনুদান, মুঠ ২০ কোটি টকা । প্ৰথমটো হ'ল গিভ ইণ্ডিয়াক তেওঁলোকৰ দৈনন্দিন ব্যয়ত সহায় কৰিবলৈ সংকটৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত পৰিয়ালবোৰক ধনেৰে সকাহ দিবলৈ দিয়া হৈছে আৰু দ্বিতীয়টো ইউনিচেফলৈ যাব যাতে তেওঁলোকে অক্সিজেন আৰু পৰীক্ষাৰ সঁজুলিৰ লগতে জৰুৰী চিকিৎসা সামগ্ৰী প্ৰাপ্ত কৰাত ভাৰত চৰকাৰক সহায় কৰিব পাৰে।"

এই সমগ্ৰ ৰাশিত গুগলৰ কৰ্মচাৰী আৰু সমৰ্থনকাৰী যাক গুগলাৰ বুলি কোৱা হয় তেওঁলোকেও ৩.৭ কোটি টকা প্ৰদান কৰিছে।  ইয়াৰ এটা অংশ চৰকাৰক দিয়া হ'ব যাতে তেওঁলোকে ক'ভিডৰ বিৰুদ্ধে জন সজাগতামূলক প্ৰচাৰ চলাব পাৰে ।

Cartoon
View Older

 

June 23, 2021


Entertainment
View Older


From Our Archive

Create Account