Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5136

আৰ্চাৰী বিশ্বকাপত অতনু আৰু দীপিকাৰ স্বৰ্ণ পদক দখল


Published on April 26, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

ভাৰতৰ মহিলা ৰিকার্ভ দলৰ ফাইনেলত প্রৱেশ


Published on April 25, 2021|News Source : জনমভূমি

গুৱাটেমেলা চিটি, ২৪ এপ্রিল ঃ স্পেইনক পোনপটীয়া ব্যৱধানত পৰাজিত কৰি ভাৰতৰ মহিলা ৰিকার্ভ দলে আর্ৰী বিশ্ব কাপৰ ষ্টেজ-১ৰ দলীয় ফাইনেলত প্রৱেশেৰে দেশৰ বাবে পদক নিশ্চিত কৰিছে৷ ৰিকার্ভৰ মহিলা দলটোত আছিল দীপিকা কুমাৰী, অংকিতা ভকত আৰু কোমলিকা বাৰী৷ ছেমি ফাইনেলত তেওঁলোকে স্পেইনক ৬-০ ব্যৱধানত হৰুৱাই খিতাপ যুঁজলৈ উন্নীত হৈছে৷ আনহাতে তৃতীয় বাছনিপ্রাপ্ত ভাৰতীয় পুৰুষ দলে কোৱার্ৰ ফাইনেলত স্পেইনৰ হাতত পৰাজিত হৈ পদকৰ পৰা বঞ্চিত হয়৷

৪-৪ত টাই হৈ ৰোৱা খেলখনত শ্বুট অফত স্পেনিছ দলে ভাৰতক ২৭-২৬ পইণ্টত পৰাজিত কৰে৷ ভাৰতে আৰু তিনিটা ইভেণ্টত মেডেল জয়ৰ সম্ভাৱনা ৰাখিছে৷ সদ্য বিবাহিত অতনু দাস আৰু দীপিকাই মিক্সড পেয়াৰৰ ব্রঞ্জৰ পদকৰ প্লে’ অফত প্রৱেশ কৰাৰ বিপৰীতে দুয়োৱে পুৰুষ আৰু মহিলাৰ ব্যক্তিগত শাখাৰ অন্তিম ৪ত উপনীত হৈ পদকৰ সম্ভাৱনা বৃদ্ধি কৰিছে৷ উল্লেখনীয় যে ২০১৬ চনৰ ছাংহাই বিশ্ব কাপৰ পাছত ভাৰতে প্রথম বাৰলৈ বিশ্ব কাপৰ কোনো ইভেণ্টৰ ফাইনেলত প্রৱেশ কৰিছে৷

 

মানচেষ্টাৰ চিটিৰ মেনেজাৰে ধন্যবাদ জনালে কোহলীক


Published on April 25, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,২৫ এপ্ৰিল: মানচেষ্টাৰ চিটিৰ মেনেজাৰ পেপ গুয়াৰ্দিওলাই ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ জাৰ্চি লাভ কৰাৰ বাবে বিৰাট কোহলীক ধন্যবাদ জনায় । 

ফুটবল ইতিহাসৰ আটাইতকৈ সফল মেনেজাৰসকলৰ ভিতৰত বিবেচিত গুয়াৰ্দিওলাই ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে য'ত তেওঁ কৈছিল যে 'ক্ৰিকেটৰ নিয়ম শিকাৰ সময় আহি পৰিছে'। 

যোৱা বছৰ, কোহলী আৰু গুয়াৰ্দিওলাই পুমা ইণ্ডিয়াৰ দ্বাৰা আয়োজিত এক ইনষ্টাগ্ৰাম লাইভত বাৰ্তালাপ কৰিছিল। আৰচিবিৰ অধিনায়কজনে গুয়াৰ্দিওলাক প্ৰতিশ্ৰুতি দিছিল যে মহামাৰীৰ সমাপ্তিৰ পিছত তেওঁলোকে পৰৱৰ্তী সময়ত লগ পাব তেতিয়া তেওঁক ক্ৰিকেট বুজাত সহায় কৰিব।

Cartoon
View Older

 

June 15, 2021


Entertainment
View Older


From Our Archive

Create Account