Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5136

নিৰ্বাচন আয়োগ দেশৰ সবাতোতকৈ দায়িত্বহীন অনুষ্ঠান: উচ্চ ন্যায়ালয়


Published on April 26, 2021 | News Source: বিজয় শংকৰ বৰা
Share This Page
Related Stories

চৰকাৰেই মাতি আনিলে কালনাশী কৰ'না:২৩ মাৰ্চতেই কেন্দ্ৰই দিছিল এছঅ’পি


Published on April 23, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী; ২৩ এপ্ৰিল:চৰকাৰে নিজেই মাতি আনিলে  নেকি মহামাৰী কৰ'না?এতিয়া ৰাইজে কাক বিশ্বাস কৰিব।চৰকাৰক নে ক'ভিডক?অসমত যিমানেই কৰ'নাৰ সংক্ৰমন বৃদ্ধি পাইছে সিমানেই ওলোটা খৰ মাৰিবলৈ আৰম্ভ কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।বিধানসভাৰ নিৰ্বাচনত সকলো দলৰ নেতা-কৰ্মীয়েই পাৰে মানে ভংগ কৰিলে কোভিড প্ৰ’টোকল।

নিৰ্বাচনৰ সময়ত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে," মই নোকোৱালৈ মাস্ক পিন্ধিব নালাগে।অসমত লকডাউন আৰু নাইট কাৰ্ফিওৰ কোনো সম্ভাৱনা নাই।অসমবাসীয়ে এইবাৰ ভালদৰে ৰঙালী বিহু উদযাপন কৰিব পাৰিব।বর্তমান ৰাজ্যত কৰ’নাক লৈ শংকা নাই৷"কিন্তু এই সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড৹ হৰ্ষবৰ্ধনে কৈছিল যে," স্বাস্থ্য মন্ত্রীয়েই হওক বা বিয়াগোম বিষয়াই হওক সকলোৱে মাস্ক পৰিধান কৰিব লাগিব।হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

এতিয়া আকৌ হিমন্ত বিশ্ব শৰ্মাই সুৰ সলনি কৰি ক'বলৈ বাধ্য হৈছে যে,""অসমত এতিয়া পোৱা গৈছে কৰ'নাৰ ইউ কে ভেৰিয়েণ্ট।এই নতুন ভেৰিয়েণ্টে মানুহৰ হাঁওফাওঁত গভীৰ ভাবে প্ৰভাৱ পেলায়।এই নতুন ভাইৰাছ লক্ষণ বিহীন হিচাপে নাথাকে।দেহত ভাইৰাছ প্ৰৱেশ কৰিলেই লক্ষণে দেখা দিয়ে।"

এটা কথা ঠিক যে নিৰ্বাচনৰ সময়ত অসমত কোভিড নাথাকিলেও কোভিডৰ ক্ষেত্ৰত সকলো প্ৰ’টোকল মানি চলিবলৈ ২৩ মাৰ্চৰ দিনাই সকলো ৰাজ্য চৰকাৰকে কেন্দ্ৰই এছঅ’পি দিছিল।সেই সময়ত স্বাস্থ্য মন্ত্ৰীগৰাকীৰ কথাটো বাদেই শাসকীয়-বিৰোধী আন কোনো দলৰেই কোনো এগৰাকী নেতাই নিৰ্বাচনী প্ৰচাৰৰ সময়ত এবাৰৰ বাবেও ক'ভিডৰ কথা,সামাজিক ব্যৱধান ৰক্ষা কৰাৰ কথা, মাস্ক পিন্ধাৰ কথা উল্লেখ নকৰিলে।

Cartoon
View Older

 

June 15, 2021


Entertainment
View Older


From Our Archive

Create Account